স্প’ৰ্টছ ডেস্ক, ৭ জুলাই :ইউৰো কাপ (Euro cup) ২০২০ ৰ আন এক শ্বাসৰূদ্ধকৰ মেচ । ছেমি ফাইনেলত ইটালী (Italy) বনাম স্পেইন(Spain) । দৰ্শকৰ চকু আছিল দুয়োটা দলৰ ওপৰত । কাৰণ দুয়োটাই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ দলৰ অন্যতম আছিল ।
কিন্তু অৱশেষত একাংশ দৰ্শকৰ আশাত চেঁচা পানী ঢালি ফাইনেললৈ অৱতীৰ্ণ হ'ল ইটালী বাহিনী । পেনাল্টি শ্বুট আউটত(penalty shootout) ৪-২ গ’লৰ সৈতে ইটালীয়ে ইউৰো কাপৰ ফাইনেললৈ অৱতীৰ্ণ হয় । ইটালীৰ মিড ফিল্ডাৰ জৰ্জিনহোৰ(Jorginho) এটা দৰ্শনীয় পেনাল্টিয়ে দলটোক নিৰ্ণায়ক খেলখন খেলাৰ সুযোগ প্ৰদান কৰে ।
ছেমি ফাইনেলখনৰ প্ৰথমাৰ্ধ অতি ৰোমাঞ্চকৰ আছিল । দুয়োটা দলে অশেষ চেষ্টা কৰিছিল যদিও এটা দলেও গ’ল কৰিবলৈ সক্ষম নহ'ল । ইফালে দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ লগে লগে খেলপথাৰত দুয়োটা দলৰ আক্ৰমণাত্মক চৰিত্ৰ দেখা গৈছিল ।
অৱশেষত ৬০ মিনিটত ইটালীৰ ফেডেৰিকো চিয়েছাই (Federico Chiesa) প্ৰথমটো গ’ল কৰি স্পেইনৰ সমৰ্থকক নিৰাশ কৰি তোলে । এক প্ৰকাৰ এই গ’লটোৰ লগে লগে ইটালীয়ে খেলখন নিজৰ হাতলৈ অনাৰ কথা চিন্তা কৰিছিল যদিও ৮০ মিনিটত ইটালীৰ বিৰুদ্ধে স্পেইনৰ আলভাৰো মোৰাতাই (Alvaro Morata) এক সুন্দৰ গ’লেৰে পুনৰবাৰ খেলখনত স্পেইনৰ স্থিতি স্পষ্ট কৰি তোলে । ইয়াৰ পিছত দুয়োটা দল আৰু এটা গ’লৰ অপেক্ষাত আছিল ।