অসম

assam

আইএছএল: কেৰালা ব্লাষ্টাৰ্ছৰ পৰা অব্য়াহতি সন্দেশ ঝিংগানৰ

By

Published : May 21, 2020, 11:26 AM IST

আগন্তুক আইএছএল ছিজনৰ পূৰ্বেই কেৰালা ব্লাষ্টাৰ্ছ দল ত্যাগ কৰিলে ভাৰতীয় ফুটবলাৰ সন্দেশ ঝিংগানে । বুধবাৰে দল ত্য়াগ কৰে খেলুৱৈগৰাকীয়ে ।

আইএছএল
কেৰালা ব্লাষ্টাৰ্ছৰ পৰা অব্য়াহতি সন্দেশ ঝিংগানৰ

স্পৰ্টছ ডেস্ক, ২১ মে': বুধবাৰে আইএছএলৰ কেৰালা ব্লাষ্টাৰ্ছ দলৰ পৰা অব্যাহতি ল'লে কেৰালা ব্লাষ্টাৰ্ছৰ লগতে ৰাষ্ট্ৰীয় দলৰ ৰক্ষণশীল খেলুৱৈ সন্দেশ ঝিংগানে । কেৰালা ব্লাষ্টাৰ্ছ দলৰ সৈতে ৬ বছৰৰ বাবে চুক্তিবদ্ধ হৈ থকাৰ পাচত দল ত্যাগ খেলুৱৈগৰাকীৰ ।

সন্দেশ ঝিংগান

জানিব পৰা মতে, ভাৰতীয় দলৰ ৩৬ নম্বৰৰ কেপ লাভ কৰা খেলুৱৈগৰাকীয়ে কোনো বিদেশী লীগত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে অথবা বিদেশত সুযোগ লাভৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে, এএফচি কাপ, ২০১৯ ৰ পিচত কাটাৰ ক্লাৱ এল-ঘৰাফা এছচিয়ে ঝিংগানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল ।

শীৰ্ষ সংবাদ এজেঞ্চীৰ মতে কেৰালা ব্লাষ্টাৰ্ছৰ ফালৰ পৰাও এই কথা স্পষ্ট কৰা হৈছে । ক্লাৱটোৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে, এই ক্লাৱৰ সৈতে সন্দেশ ঝিংগান আৰু জড়িত হৈ নাথাকে । দুয়ো পক্ষৰ চুক্তি মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ঝিংগানে কেৰালা ব্লাষ্টাৰ্ছ দলত এজন প্ৰৱল ৰক্ষণশীল খেলুৱৈৰ ভূমিকা পালন কৰাৰ লগতে দলটোক আইএছলত দুবাৰকৈ ফাইনেলত উত্তীৰ্ণ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তিনি বছৰ পূৰ্বে ঝিংগান আইএছএলত আটাইতকৈ বেছি ধনৰাশী লাভ কৰা ভাৰতীয় ডিফেণ্ডাৰ খেলুৱৈ আছিল । ২০১৯-২০ বৰ্ষত আঘাতৰ বাবে আইএছএলত এখনো মেচত অৱতীৰ্ণ হোৱা নাছিল ঝিংগান । ফলত দলটোৱে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ।

শেহতীয়াকৈ কেৰালা ব্লাষ্টাৰ্ছে মোহন বাগান আই-লীগৰ বিজয়ী প্ৰশিক্ষক কিবু ভিকুনাক আগন্তুক ছীজনৰ প্ৰশিক্ষকৰ বাবে চুক্তিবদ্ধ কৰিছে ।

ABOUT THE AUTHOR

...view details