স্পৰ্টছ ডেস্ক, 24 নৱেম্বৰ :সৰ্ব ভাৰতীয় ফুটবল পৰিষদৰ (AIFF) অনুশাসন কমিতিয়ে সাৱধানবাণী প্ৰেৰণ কৰিছে মুম্বাই চিটী এফচিৰ মিডফিল্ডাৰ আহমেদ জাহউক ৷ উল্লেখ্য যে, বাম্বোলিমত অনুষ্ঠিত শনিবাৰৰ মেচত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বিৰুদ্ধে ৰেড কাৰ্ড লাভ কৰিছিল জাহউয়ে ৷
আইএছএলে এক বিবৃতিত কয়, "AIFF ৰ অনুশাসন কমিতিয়ে ৰেড কাৰ্ড লাভ কৰা খেলুৱৈগৰাকীলৈ সাৱধানবাণী প্ৰেৰণ কৰিছে যে এনে কাণ্ডৰ পুনৰাবৃত্তি হ'লে AIFF ৰ অনুশাসন অধিনিয়মৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷"