স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : শনিবাৰে আইএছএলৰ মেচত মুখামুখি হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি (NEUFC) আৰু মুম্বাই চিটী এফ চি (Mumbai City FC) ৷ এই মেচ যথেষ্ট প্ৰতিদ্বন্দিতামূলক হ'ব বুলি মন্তব্য কৰিছে মুম্বাই এফ চিৰ প্ৰশিক্ষক ছাৰ্জিঅ' লোবেৰাই ৷ AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভত পোনপ্ৰথমে ব্যৰ্থ হোৱা নৰ্থ ইষ্ট এফ চি আৰু মুম্বাই এফ চিয়ে আজি আইএছএলৰ সপ্তম সংস্কৰণত গোৱাৰ তিলক মৈদানত যুঁজত অৱতীৰ্ণ হ'ব ৷
লোবেৰাই কয়, "এই মেচ অলপ কঠিন হ'ব৷ যিহেতু বহুকেইটা ভাল দল আছে সেয়েহে এই ছিজন যথেষ্ট প্ৰতিদ্বন্দিতামূলক হ'ব ৷ খেলুৱৈসকলৰ সৈতে বহু পৰিশ্ৰম কৰিছো৷ ছিজনৰ অন্তত, আমাৰ প্ৰদৰ্শনক লৈ আমাৰ অনুৰাগীসকল সুখী হোৱা উচিত ৷"
43 বৰ্ষীয় প্ৰশিক্ষকগৰাকীয়ে লগতে কয়, "আমি আক্ৰমণাত্মক ফুটবল খেলো ৷ কিন্তু অতি কম সময়ৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ নুঠিব পাৰে ৷ এয়া এক প্ৰত্যাহ্বান আৰু আমি বিভিন্ন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব ৷"