স্পৰ্টছ ডেস্ক, 17 ছেপ্তেম্বৰঃ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ISL ৰ ষষ্ঠ সংস্কৰণ ৷ আই এছ এলত পোন প্ৰথমবাৰৰ বাবে এইবাৰ দেখা পোৱা যাব অসমৰ ডিমা হাছাওৰ প্ৰতিভাৱান ফুটবলাৰ ৰাকেশ প্ৰধানক ৷ আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ বাবে ইতিমধ্যেই চুক্তিবদ্ধ কৰা হৈছে অসমৰ খেলুৱৈগৰাকীক । দলটোৱে অহা 21 অক্টোবৰত বেংগালুৰু এফ চিৰ বিৰুদ্ধে প্ৰথমখন মেচত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ২৬ অক্টোৱৰত প্ৰথমখন ঘৰুৱা মেচত দিল্লী ডাইনামোছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷
NEUFC ৰ হৈ দুভৰিৰ যাদু দেখাবলৈ সাজু ৰাকেশ প্ৰধান - নৰ্থ ইষ্ট ইউনাইটেড এফ চি
আৰম্ভ হ’ব আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ পুনৰ ফুটবল জ্বৰ আক্ৰান্ত হ'ব দেশৰ লগতে সমগ্ৰ ৰাজ্য ৷ আই এছ এলত এইবাৰ পোন প্ৰথমবাৰৰ বাবে দেখা পোৱা যাব অসমৰ ডিমা হাছাওৰ প্ৰতিভাৱান ফুটবলাৰ ৰাকেশ প্ৰধানক ৷

শ্বিলং লাজং এফ চিৰ পৰা ফুটবল জগতত অভিষেক ঘটিছিল 22 বছৰীয়া অসমৰ যুৱ প্ৰতিভাৱান খেলুৱৈ ৰাকেশ প্ৰধানৰ ৷ শেহতীয়াকৈ উন্নতমানৰ খেল প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৰাকেশ প্ৰধানে । যাৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত কৰা হৈছে ডিফেণ্ডাৰ খেলুৱৈগৰাকীক । ইতিমধ্যে কঠোৰ অনুশীলন আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে ।
শ্বিলং লাজং এফ চিৰ পৰা আই এছ এলৰ এই যাত্ৰা সম্বন্ধে ইটিভি ভাৰতৰ আগত খেলুৱৈগৰাকীয়ে কলে, ‘‘ধৈৰ্য আৰু ত্যাগৰ ফলতে এগৰাকী ভাল খেলুৱৈ হ'ব পাৰি। আই এছ এলত উন্নত খেল প্ৰদৰ্শন কৰি অসমৰ নাম উজলাবলৈ যথোপযুক্ত চেষ্টা চলাম ৷’’ এতিয়া অপেক্ষা মাথো ISL ৰ মহাযুদ্ধলৈ ৷ ইটিভিৰ ভাৰতৰ তৰফৰ পৰাও প্ৰতিভাৱান খেলুৱৈগৰাকীক অলেখ শুভকামনা ।