স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শুকুৰবাৰে ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখামুখি হ'ব এফ চি গোৱা । খেলৰ পূৰ্বেই বৃহস্পতিবাৰে দুয়োটা দলৰ মুখ্য প্ৰশিক্ষকে পৃথকে-পৃথকে সম্বোধন কৰে সংবাদমেল । সংবাদমেলখনত মেচখনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি মন্তব্য কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নীয়ে । ইতিমধ্যেই পূৰ্বৰ মেচত ওড়িশা এফ চিক পৰাজিত কৰি অধিক আত্মবিশ্বাসী হৈ আছে দলটো । দলটোৰ প্ৰতিগৰাকী খেলুৱৈয়ে আগন্তুক মেচখনত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি কয় দলটোৰ খেলুৱৈ কাই হেৰিঙছে ।
শুকুৰবাৰে সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখামুখি হ'ব এফ চি গোৱা - গৃহভূমিত নৰ্থ ইষ্ট ইউনাইটেডৰ মেচ 2019
ফুটবল জ্বৰত আক্ৰান্ত হ’ব গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামৰ চৌদিশ ৷ দৰ্শকৰ হৰ্ষোল্লাসৰ মাজত তীব্ৰ যুঁজত নামিব নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু এফ চি গোৱা ৷
ইফালে এফ চি গোৱাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে দলটোৰ মুখ্য প্ৰশিক্ষক চেৰজিঅ’ লোবেৰা আৰু গ’ল ৰক্ষক মহম্মদ নাৱাজে । নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে হ'বলগীয়া মেচখন গোৱাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি মন্তব্য কৰে দুয়োয়ে । খেলখনত জয়ী হ'বলৈ দলটোৱে যথোপযুক্ত চেষ্টা চলাব বুলি উল্লেখ কৰে মুখ্য প্ৰশিক্ষক চেৰজিঅ’ লোবেৰাই ।
বৰ্তমান লৈকে অনুষ্ঠিত হোৱা মেচৰ পাচত আই এছ এলৰ এইবাৰৰ তালিকাত এফ চি গোৱা তৃতীয় স্থানত থকাৰ বিপৰীতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আছে চতুৰ্থ স্থানত । এনে অৱস্থাত দুয়োটা শক্তিশালী দলটোৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন অধিক ৰোমাঞ্চকৰ হ'ব বুলি অনুমান কৰা হৈছে ।