অসম

assam

By

Published : Oct 21, 2019, 10:46 PM IST

ETV Bharat / sports

গ’ল শূণ্য ভাৱে সমাপ্ত নৰ্থ ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চিৰ মেচ

ড্ৰ’ত সমাপ্ত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বাংগালুৰু এফ চিৰ মেচ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচ ৷

গ’ল শূণ্য ভাৱে সমাপ্ত নৰ্থ ইষ্ট ইউনাইটেড আৰু বাংগালুৰু এফ চিৰ মেচ

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ:আজি আই এছ এলৰ দ্বিতীয়খন মেচত মুখামুখি হৈছিল নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু বেংগালুৰু এফ চি ৷ বাংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই মেচখন ৷ মেচখনত দুয়োটা দলেই সুন্দৰ খেলৰ প্ৰদৰ্শন কৰে যদিও গ’ল কৰিবলৈ সক্ষম নহয় দল দুটাই ৷

ইপিনে মেচখনত দুয়োটা দলেই প্ৰচুৰ গ’ল কৰাৰ সুযোগ লাভ কৰিছিল যদিও সফল নহয় গ’ল কৰিবলৈ ৷ ফলত নিৰ্ধাৰিত সময়লৈকে গ’ল শূণ্য ভাৱে সমাপ্ত হয় মেচখন ৷ মেচখনত বাংগালুৰু এফ চিয়ে 64 শতাংশ পজিচন নিজৰ তাত ৰখাৰ বিপৰীতে 36 শতাংশ পজিচন থাকে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হাতত ৷ এই ড্ৰ’ৰ ফলত দুয়োটা দলৰ মাজত 1-1 পইণ্ট বিতৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details