গুৱাহাটী, 2 ছেপ্তেম্বৰ : ওমান ফুটবল দলৰ পাছতে গুৱাহাটীত আহি উপস্থিত হ'ল ভাৰতীয় ফুটবল দল ৷ ৰ'য়েল ফ্লাইটযোগে ওমান দলটো উপস্থিত হোৱাৰ পাছতে নিশা ভাগত আহি উপস্থিত হ'ল ভাৰতীয় দলটো ৷ কটকটীয়া নিৰাপত্তা বেস্তনীৰ মাজেৰে বৰঝাৰ বিমানবন্দৰৰ পৰা দুয়ো দলকে নভটেল হোটেললৈ লৈ যোৱা হয় ৷ বিমানবন্দৰত ভাৰতীয় দলটো আহি উপস্থিত হোৱাৰ পাছতে অনুৰাগীয়ে ভিৰ কৰে ৷
গুৱাহাটীত উপস্থিত ভাৰতীয় ফুটবল দল - গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম
ওমান ফুটবল দলৰ পাছতে গুৱাহাটীত আহি উপস্থিত হ'ল ভাৰতীয় ফুটবল দল ৷ নিশা ভাগত আহি উপস্থিত হ'ল ভাৰতীয় দলটো ৷ বিমানবন্দৰত ভাৰতীয় দলটো আহি উপস্থিত হোৱাৰ পাছতে অনুৰাগীয়ে ভিৰ কৰে ৷

গুৱাহাটীত উপস্থিত ভাৰতীয় ফুটবল দল
গুৱাহাটীত উপস্থিত ভাৰতীয় ফুটবল দল
অহা 5 ছেপ্তেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপ, 2022 ৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ ৷