অসম

assam

ETV Bharat / sports

এএফচি এছিয়ান কাপ, 2027 আয়োজনৰ প্ৰস্তাৱ দাখিল ভাৰতৰ - সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছনৰ সাধাৰণ সম্পাদক কুশল দাস

এএফচি এছিয়ান কাপ, 2027 আয়োজনৰ প্ৰস্তাৱ দাখিল কৰিলে ভাৰতে ৷ প্ৰস্তাৱ গৃহীত হ'লে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা আয়োজনৰ সুযোগ লাভ কৰিব ভাৰতে ৷

প্ৰস্তাৱ দাখিল ভাৰতৰ
এএফচি এছিয়ান কাপ, 2027 আয়োজনৰ প্ৰস্তাৱ

By

Published : Apr 6, 2020, 7:11 PM IST

স্পৰ্টছ ডেস্ক, 6 এপ্ৰিল : এএফচি এছিয়ান কাপ, 2027 অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ দাখিল কৰিলে ভাৰতে ৷ দেওবাৰে ভাৰতীয় ফুটবল ফেডাৰেছনে এই কথা প্ৰকাশ কৰে ৷

সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছন

এই প্ৰস্তাৱ গৃহীত হ'লে ভাৰতে প্ৰথমবাৰৰ বাবে এই মহাদেশীয় ফুটবল মেচৰ আয়োজন কৰিব ৷

সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছন

এই সম্পৰ্কত সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছনৰ সাধাৰণ সম্পাদক কুশল দাসে কয়, "এছিয়ান ফুটবল কনফেডাৰেছন অনুষ্ঠিত কৰিবৰ বাবে আমি প্ৰস্তাৱ দাখিল কৰিছো ৷"

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ আতংকৰ ফলত প্ৰস্তাৱ দাখিল কৰাৰ সময়সীমা 31 মাৰ্চৰ পৰা 30 জুনলৈ বৃদ্ধি কৰা হৈছিল ৷

এই সম্পৰ্কত এএফচিয়ে জনায়,"অতি সোনকালেই প্ৰতিযোগিতাৰ আয়োজকৰ নাম ঘোষণা কৰা হ'ব, ইয়াৰ ফলত আয়োজক দেশখনে প্ৰতিযাগিতাৰ প্ৰস্তুতিৰ বাবে সময় উলিয়াব পাৰিব ৷"

ভাৰতৰ উপৰি এই প্ৰতিযোগিতাত তিনিবাৰকৈ খিতাপ দখল কৰা ছৌদি আৰৱে প্ৰতিযোগিতা আয়োজনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছে ৷

ইয়াৰ পূৰ্বে 2023 বৰ্ষৰ এএফচি এছিয়া কাপ আয়োজনৰ বাবে ভাৰতে থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু দক্ষিণ কোৰিয়াৰ সৈতে প্ৰস্তাৱ দাখিল কৰিছিল যদিও অৱশেষত 2018 চনৰ অক্টোবৰত ইয়াৰ পৰা নাম প্ৰত্যাহাৰ কৰে ৷

ABOUT THE AUTHOR

...view details