স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে 2022 ফিফা বিশ্বকাপ কোৱালিফায়িঙৰ বাবে 34 জনীয়া প্ৰাৰম্ভিক ফুটবল দল ঘোষণা কৰে ৷ গুৱাহাটীত ছেপ্তেম্বৰৰ 5 তাৰিখে অনুষ্ঠিত হ'বলগা প্ৰথমখন মেচত ভাৰতে অ'মানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ ইয়াৰ পাছতে ছেপ্তেম্বৰৰ 10 তাৰিখে কাটাৰৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব দলটোৱে ৷
বিশ্বকাপ কোৱালিফায়িঙৰ বাবে প্ৰাৰম্ভিক দল ঘোষণা ষ্টিমেকৰ - 2022 ফিফা বিশ্বকাপ কোৱালিফায়িং
34 জনীয়া প্ৰাৰম্ভিক ফুটবল দল ঘোষণা কৰিলে ইগৰ ষ্টিমেকে ৷ 2022 ফিফা বিশ্বকাপ কোৱালিফায়িঙৰ বাবে এই দল ঘোষণা ৷
ইগৰ ষ্টিমেক
উল্লেখ্য যে, জুলাইৰ 25 তাৰিখে ঘোষণা কৰা ফিফা ৰেংকিঙত ভাৰতীয় দলে দুটা স্থান অৱনমিত হৈ 103 সংখ্যক স্থানত ৰৈছে ৷ তাজিকিস্তান আৰু কোৰিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে 1219 পইন্টৰ পৰা 1214 পইন্টলৈ অৰ্ধনমিত হয় দলটো ৷ ইয়াৰ পাছতে আহমেদাবাদত অনুষ্ঠিত ইন্টাৰকন্টিনেন্টেল কাপত ভাৰতীয় দলে ছিৰিয়াৰ বিৰুদ্ধে 1 - 1 ত ড্ৰ' খেলে ৷