স্পৰ্টছ ডেস্ক, 19 ছেপ্তেম্বৰঃচলিত বৰ্ষৰ 20 অক্টোবৰৰ পৰা আৰম্ভ হ’ব আই এছ এলৰ ষষ্ঠ সংস্কৰণ ৷ ইতিমধ্যে ৰণনীতি তৈয়াৰ কৰিছে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ 10 টা দলে ৷ ইয়াৰ সমান্তৰালকৈ যোৱা বৰ্ষত চতুৰ্থ স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেড এফ চিও বৃদ্ধি কৰিছে দলটোৰ শক্তি ৷ যাৰ বাবে চুক্তিবদ্ধ কৰা হৈছে ঘানাৰ প্ৰাক্তন অধিনায়ক তথা ষ্ট্ৰাইকাৰ খেলুৱৈ আছাম্হ গায়ানক ৷
নৰ্থ ইষ্ট ইউনাইটেড এফ চিত ঘানাৰ তাৰকা - কেছিৰছপাৰ
আই এছ এলৰ ষষ্ঠ সংস্কৰণত শক্তি বৃদ্ধি নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৰ ৷ প্ৰথমবাৰৰ বাবে চুক্তিবদ্ধ ঘানাৰ প্ৰাক্তন অধিনায়ক আছাম্হ গায়ানক (Adamoah Gyan) ৷
2003 চনত ফুটবল কেৰিয়াৰৰ আৰম্ভ কৰা গায়ানে 2017-19 বৰ্ষত কেছিৰছপাৰ (Kayserispor) হৈ খেল পথাৰত অৱতীৰ্ণ হৈছিল ৷ 1 জুলাইত নিজৰ পূৰ্বৰ দলৰ চুক্তি ভংগ হোৱাত 33 বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীয়ে এইবাৰ আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ ইষ্ট ইউনাইড এফ চি দলৰ সৈতে চুক্তিবদ্ধ হৈছে ৷ আনহাতে ছানণ্ডাৰলেণ্ড (Sunderland)ৰ হৈ প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰা গায়ানৰ নামত আছে 11 টা গ’ল কৰাৰ বিপৰীতে 36 টাকৈ এপিইয়াৰেঞ্চ ৷
ইপিনে ইউনাইটেড আৰৱ আমিৰাতত AL-Ain FC ৰ হৈ অংশগ্ৰহণ কৰা গায়ানৰ নামত আছে মুঠ 66 খন মেচত 60 টাকৈ গ’ল ৷ এতিয়া ঘানাৰ এই প্ৰতিভাৱান খেলুৱৈ আছাম্হ গায়ানৰ নৰ্থ ইষ্ট ইউনাইড দলত অন্তৰ্ভুক্ত হোৱাত যথেষ্ট আশাবাদী নৰ্থ ইষ্ট ইউনাইটড এফ চিৰ ক্ৰীড়াপ্ৰেমী সকল ৷