অসম

assam

By

Published : Aug 19, 2019, 1:46 PM IST

ETV Bharat / sports

2019-20 বৰ্ষৰ ফুটবল ছীজনঃ ইংলিছ প্ৰিমিয়াৰ লীগ,লা লীগা,বুণ্ডেছলীগাৰ জোৰদাৰ আৰম্ভণি

শনিবাৰৰ পৰা শুভাৰম্ভ হ'ল 2019-20 বৰ্ষৰ ক্লাৱ ফুটবলৰ নতুন ছীজন ৷ আৰম্ভ হ'ল ইংলিছ প্ৰিমিয়াৰ লীগ, লা লীগা, বুণ্ডেছলীগাৰ দৰে আগশাৰীৰ দেশীয় লীগ ৷

2019-20 বৰ্ষৰ ফুটবল ছীজনঃ ইংলিছ প্ৰিমিয়াৰ লীগ, লা লীগা, বুণ্ডেছলীগাৰ জোৰদাৰ আৰম্ভণি

স্প'ৰ্টছ ডেস্ক,19 আগষ্ট:17 আগষ্টৰ পৰা শুভাৰম্ভ হ'ল 2019-20 বৰ্ষৰ ক্লাৱ ফুটবলৰ নতুন ছীজন ৷ আৰম্ভ হ'ল ইংলিছ প্ৰিমিয়াৰ লীগ,লা লীগা,বুণ্ডেছলীগাৰ দৰে আগশাৰীৰ দেশীয় লীগ ৷ ইংলিছ প্ৰিমিয়াৰ লীগৰ এইবৰ্ষৰ প্ৰথম দিনৰ খেলত লিভাৰপুলে ছাউদাম্পটনক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি জয়েৰে অভিযানৰ আৰম্ভ কৰে ৷ আন এখন খেলত মানচেষ্টাৰ চিটিয়ে টটেনহামৰ সৈতে 2-2 গ'লত ড্ৰ' খেলিবলৈ সক্ষম হয় ৷

অন্যহাতে লা লীগাৰ প্ৰথম দিনাৰ খেলত এথলেটিক ক্লাবে বাৰ্চিলোনাৰ বিৰুদ্ধে,ৰিয়েল মাদ্ৰিদে চেল্টা ভিগোৰ বিৰুদ্ধে, মালাকোৰাই এয়বাৰৰ বিৰুদ্ধে জয়লাভ কৰে ৷ আনহাতে ভেলেন্সিয়াই ৰিয়েল ছচিয়েদদৰ সৈতে ড্ৰ’ খেলি পইন্ট ভগাই লয় ৷

ইফালে, বুণ্ডেছলীগাৰ প্ৰথম দিনৰ উল্লেখযোগ্য দুখন খেলত ডৰ্টমুণ্ডে অগছবাৰ্গক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ৷ আনহাতে, ডিফেণ্ডিং চেম্পিয়ন বেয়াৰ্ন মিউনিখে হাৰ্থাৰ সৈতে 2-2 গ'লত ড্ৰ' খেলে ৷

উল্লেখযোগ্য, 24 আগষ্টৰ পৰা আৰম্ভ হ'ব ইটালীৰ দেশীয় লীগ - ছিৰি এ (Serie A) ৰ ৷

ABOUT THE AUTHOR

...view details