নিউজ ডেস্ক, 9 এপ্ৰিলঃ সোমবাৰে ব্ৰাজিলৰ মহান ফুটবল তাৰকা পেলেক পেৰিছৰ এখন চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয় ৷ ব্ৰাজিলৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি অতি সোনকালেই ঘৰলৈ ঘূৰি আহিব 78 বছৰীয়া প্ৰাক্তন জাতীয় দলৰ খেলুৱৈগৰাকী ৷ চ'ছিয়েল মিডিয়াত সোমবাৰে ব্ৰাজিলৰ বৰ্তমানৰ তাৰকা খেলুৱৈ নেইমাৰে চিকিৎসালয়ত পেলেক দেখা কৰিবলৈ গৈ এখন ফ'টো শ্বেয়াৰ কৰিছিল ৷ ব্ৰাজিলিয়ান ৱেবছাইট গ্ল'ব স্পৰ্টছৰ আগত নেইমাৰে পৰিদৰ্শনৰ বাবে অহাৰ বাবে ধন্যবাদ জনায় পেলেই ৷
সুস্থ হৈ উঠিছে ফুটবল তাৰকা পেলে - ETV BHARAT
ক্ৰমাৎ সুস্থ হৈ উঠিছে ব্ৰাজিলৰ মহান ফুটবল তাৰকা পেলে ৷ অসুস্থতাৰ বাবে পেৰিছত চিকিৎসাধীন হৈ থকা খেলৃুৱৈগৰাকীক সোমবাৰে চিকিৎসালয়ৰ পৰা মুক্তি প্ৰদান কৰাৰ লগতে সম্পূৰ্ণ সুষ্ঠ বুলি জনায় চিকিৎসকে ৷ তেওঁ চিকিৎসালয়ত পৰিদৰ্শনৰ বাবে তাৰকা খেলুৱৈ নেইমাৰ যোৱা এখন ফ'টো চছিয়েল মিডিয়াত প্ৰকাশ পায় ৷
PELE WITH NEYMAR
উল্লেখ্য যে, তিনিবাৰৰ বিশ্বকাপ দখলকাৰী পেলেই যোৱা বুধবাৰে মূত্ৰনলীৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হৈছিল ৷ চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পেলেৰ ৰোগ জটিল নহয় আৰু এতিয়া সুষ্ঠ হোৱাৰ পথত তেওঁ ৷ টুইটাৰৰ জৰিয়তেও নিজৰ অনুৰাগীসকলক তেওঁৰ সুস্থতাৰ কথা জনোৱাৰ লগতে আকৌ খেলিবলৈ সাজু হৈ আছে বুলি জনায় মহান খেলুৱৈগৰাকীয়ে ৷