স্পৰ্টছ ডেস্ক, 24 আগষ্ট: প্ৰথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেলত অৱতীৰ্ণ হোৱা পেৰিছ ছেণ্ট জাৰ্মেনক পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে চেম্পিনয়ছ লীগৰ খিতাপ দখল বেয়ার্ন মিউনিখৰ ৷ চূড়ান্ত মেচখনত একমাত্ৰ গ’লৰ বিনিময়ত জয়ী হয় বেয়ার্ন মিউনিখ দলটো ৷
বেয়াৰ্ন মিউনিখৰ হৈ 59 মিনিটত একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হয় কিংগ্ছলী ক’মানে ৷ হেডাৰৰ যোগেদি গ’ল কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ক’মানে ৷ ইয়াৰ পাচত দুয়োটা দলৰ হৈ নিৰ্ধাৰিত সময়লৈ আন এটাও গ’ল কৰিবলৈ সক্ষম নহয় আৰু মেচখন 1-0 গ’লত নিজৰ নাম কৰে বেয়াৰ্ন মিউনিখে ৷
উল্লেখ্য যে, মেচখনত পেৰিছ ছেণ্ট জাৰ্মেনৰ হৈ নেইমাৰে দুবাৰকৈ আৰু কিলিয়ন এম্বাপ্পেয়ে এবাৰকৈ গ’ল কৰাৰ সুন্দৰ সুযোগ লাভ কৰিও গ’ল কৰাত ব্যৰ্থ হয় ৷