অসম

assam

ETV Bharat / sports

AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভত ব্যৰ্থ পাঁচ আইএছএল ক্লাব - 2020-21 ছিজন

এফচি গোৱা, এটিকে মোহন বাগান, বেংগালুৰু এফচি, জামছেদপুৰ এফচি, চেন্নাইয়ান এফচি আৰু মুম্বাই চিটী এফচিয়ে সফলভাৱে 2020-21 ছিজনৰ বাবে AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

আইএছএল দল
AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভত ব্যৰ্থ পাঁচ আইএছএল ক্লাব

By

Published : Nov 18, 2020, 1:12 PM IST

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ : AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰৰ মানদণ্ড লাভত ব্যৰ্থ হৈছে পাঁচ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইএছএল) দল ৷ শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'বলগা AFC ইভেন্টত অংশগ্ৰহণৰ বাবে AIFF ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অথবা ৰেহাইৰ বাবে আবেদন দাখিল কৰিব লাগিব এই দলসমূহে ৷

AIFF ৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱা দলকেইটা হৈছে উড়িশা এফচি, নৰ্থ ইষ্ট ইউনাইটেড এফচি, কেৰালা ব্লাষ্টাৰ্ছ, হায়দৰাবাদ এফচি আৰু নতুন দল স্পৰ্টিং ক্লাব ইষ্ট বেংগল ৷ ইয়াৰ ফলত দলকেইটাই এই ছিজন আৰু অন্যান্য ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বিৰত থাকিব লাগিব ৷

সফল ক্লাবসমূহ :

এফচি গোৱা, এটিকে মোহন বাগান, বেংগালুৰু এফচি, জামছেদপুৰ এফচি, চেন্নাইয়ান এফচি আৰু মুম্বাই চিটী এফচিয়ে সফলভাৱে 2020-21 ছিজনৰ বাবে AFC আৰু ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

AIFF ৰ Club Licensing Appeals Body ক এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াৰ বিৰুদ্ধে আবেদন দাখিল কৰিব লাগিব এই দলকেইটাই ৷ অথবা ৰেহাইৰ বাবে Club Licensing Committee ক আবেদন দাখিল কৰিব পাৰিব ৷

AIFF ৰ লীগৰ সঞ্চালক প্ৰধান সুনন্দ ধৰে কয়, "আইএছএলত অংশগ্ৰহণ কৰিবলৈ হ'লে পাঁচটা ক্লাবে এই সিদ্ধান্তৰ বিৰুদ্ধে অথবা ৰেহাইৰ বাবে আবেদন দাখিল কৰিব লাগিব ৷"

উল্লেখ্য যে, AFC ৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ অসমৰ্থ হোৱা দলে আইএছএল খেলাৰ অনুমতি লাভ কৰিলও মহাদেশীয় টুৰ্ণামেন্ট যেনে, AFC চেম্পিয়নছ লীগ আৰু AFC কাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰে ৷

লগতে পঢ়ক :জাৰ্মানীক পৰাস্ত কৰি নেশ্যনছ লীগৰ ছেমিত স্পেইন

ABOUT THE AUTHOR

...view details