অসম

assam

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী খেল

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফিফা বিশ্বকাপ, 2022 ৰ যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত হ'ব ৷ 5 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা মেচখনত সমুখ সমৰত নামিব ভাৰত আৰু ওমান ৷

By

Published : Aug 25, 2019, 7:37 PM IST

Published : Aug 25, 2019, 7:37 PM IST

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

গুৱাহাটী, 25 আগষ্ট : ফুটবল প্ৰেমীৰ বাবে সুখবৰ ৷ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচ ৷ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ফিফা বিশ্বকাপ, 2022 ৰ যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত হ'ব ৷ 5 ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগা মেচখনত সমুখ সমৰত নামিব ভাৰত আৰু ওমান ৷ কাটাৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জনৰ বাবে ভাৰত আৰু ওমানে ইতিমধ্যেই আৰম্ভ কৰিছে কঠোৰ অনুশীলন ৷ ভাৰতে ঘৰুৱা মাটিত ওমানক পৰাস্ত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিলেও শক্তিশালী ওমানেও অনুশীলনত কোনো ক্ৰুটি ৰখা নাই ৷

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

সুনীল চেত্ৰীৰ নেতৃত্বত ভাৰতীয় দলত অসমৰ দুই সুযোগ্য খেলুৱৈ হলিচৰণ নাৰ্জাৰী আৰু বিনিত ৰায়ে খেলাৰ সুযোগ লাভ কৰিছে ৷ ইতিমধ্যে খেলৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা বুলি ঘোষণা কৰিছে অসম ফুটবল সন্থাই ৷ দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত ফিফাৰ এই যোগ্যতা অৰ্জনকাৰী মেচ অনুষ্ঠিত কৰা হৈছে ৷ এয়া অসমৰ খেলজগতৰ বাবে এক ইতিবাচক বাৰ্তা ।

সৰুসজাই ষ্টেডিয়ামত ফিফাৰ যোগ্যতা অৰ্জনকাৰী মেচ

আনহাতে, তিনিটা শ্ৰেণীত নিৰ্ধাৰণ কৰা হৈছে খেলৰ টিকট মূল্য । ছাত্ৰ - ছাত্ৰীসকলৰ বাবে ঘোষণা কৰা হৈছে বিশেষ ৰেহাই ব্যৱস্থা ৷ ইতিমধ্যে বুক মাই শ্ব'ত উপলব্ধ হৈ পৰিছে ভাৰত - ওমানৰ মেচৰ টিকট ।

ABOUT THE AUTHOR

...view details