অসম

assam

ETV Bharat / sports

কাটাৰ বিশ্বকাপ :2022 ৰ প্ৰতীক চিহ্ন মুকলি কৰিলে ফিফাই - কাটাৰৰ ৰাজধানী ড'হা

মঙলবাৰে ফিফাই 22 সংখ্যক কাটাৰ বিশ্বকাপৰ বাবে প্ৰতীক চিহ্ন মুকলি কৰে ৷ প্ৰতীক চিহ্ন মুকলি অনুষ্ঠানৰ আয়োজন কৰে কাটাৰৰ ৰাজধানী ড'হাত ৷ প্ৰতীক চিহ্নত থকা '8' সংখ্যাটোৰে প্ৰতিযোগিতা অনুষ্ঠিত হ'বলগা 8 খনকৈ ষ্টেডিয়ামক সূচাইছে ৷ আনহাতে, 'অসীম' চিহ্নটোৱে প্ৰতিযোগিতা খনৰ মাজত থকা পাৰস্পৰিক সম্বন্ধক সূচাইছে ৷

কাটাৰ বিশ্বকাপ, 2022 ৰ প্ৰতীক চিহ্ন মুকলি কৰিলে ফিফাই

By

Published : Sep 4, 2019, 7:44 PM IST

স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ :মঙলবাৰে ফিফাই 22 সংখ্যক কাটাৰ বিশ্বকাপৰ বাবে প্ৰতীক চিহ্ন মুকলি কৰে ৷ প্ৰতীক চিহ্ন মুকলি অনুষ্ঠানৰ আয়োজন কৰে কাটাৰৰ ৰাজধানী ড'হাত ৷

ফিফা বিশ্বকাপৰ কৰ্তৃপক্ষই টুইট কৰি জনাই যে, ফিফা বিশ্বকাপ কাটাৰ, 2022 ৰ এই প্ৰতীক চিহ্নৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বকে সংযোগ কৰা ৷ ইয়াৰোপৰি, আৰৱৰ সংস্কৃতি আৰু ফুটবলৰ দৰে সু্ন্দৰ খেলবিধক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাই ইয়াৰ লক্ষ্য বুলি টুইটাৰৰ জৰিয়তে ফিফাই জানিবলৈ দিয়ে ৷

প্ৰতীক চিহ্নত থকা '8' সংখ্যাটোৰে প্ৰতিযোগিতা অনুষ্ঠিত হ'বলগা চাৰিখনকৈ ষ্টেডিয়ামক সূচাইছে ৷ আনহাতে, 'অসীম' চিহ্নটোৱে প্ৰতিযোগিতা খনৰ মাজত থকা পাৰস্পৰিক সম্বন্ধক সূচাইছে ৷

ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা অল জানোৱ ষ্টেডিয়ামত প্ৰতিযাগিতাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব ৷ দুখনকৈ ষ্টেডিয়াম প্ৰতিযোগিতাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠাৰ বিপৰীতে অন্য ছয়খন ষ্টেডিয়াম 2020 ৰ শেষভাগত সম্পূৰ্ণ হৈ উঠিব ৷

ABOUT THE AUTHOR

...view details