স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী আৰু ফিফাৰ মুখ্য মহিলা অধিকাৰীৰ উপস্থিতিত শনিবাৰে মুকলি কৰা হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020 ৰ প্ৰতীক চিহ্ন ৷ আনুষ্ঠানিক ভাৱে মুম্বাইৰ গেটৱে অফ ইণ্ডিয়াত মুকলি কৰা হ’ব এই প্ৰতীক চিহ্নৰ ৷
মুম্বাইত মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপৰ প্ৰতীক - শনিবাৰে মুকলি হ’ব ফিফা অনুৰ্ধ্ব-17 বিশ্বকাপ 2020 ৰ প্ৰতীক চিহ্ন
শনিবাৰে মুকলি কৰা হ’ব ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ 2020 ৰ প্ৰতীক চিহ্ন ৷ আনুষ্ঠানিক ভাৱে ভাৰতৰ মুম্বাই চহৰত মুকলি কৰা হ’ব এই প্ৰতীক চিহ্নটো ৷
এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু ,ফিফাৰ মুখ্য মহিলা অধিকাৰী ছাৰা বেয়ৰমন, ফিফা তথা স্থানীয় আয়োজন সমিতিৰ অধ্যক্ষ প্ৰফুল্ল পটেল, ভাৰতীয় খেলুৱৈৰ লগতে দুইবাৰৰ বিশ্বকাপ চেম্পিয়ন ক্ৰিষ্টিন ললী ৷ আগন্তুক বৰ্ষত ভাৰতত অনুষ্ঠিত হ’ব 2020 ফিফা অনুৰ্ধ্ব-17 মহিলা বিশ্বকাপ ৷ উল্লেখ্য যে, 2017 চনত ভাৰতে সফল ভাৱে আয়োজন কৰিছিল পুৰুষৰ ফিফা অনুৰ্ধ্ব-17 বিশ্বকাপ ৷
এই সন্দৰ্ভত প্ৰতিযোগিতা আয়োজনৰ স্থানীয় সমিতিৰ পৰিচালক ৰোমা খান্নাই কয়, আমাৰ বাবে এইটো ঐতিহাসিক ক্ষণ ৷ 2 নৱেম্বৰত আনুষ্ঠানিক ভাৱে এই প্ৰতিযোগিতাৰ প্ৰতীক মুকলি কৰা হ’ব ৷ ইয়াৰ লগে-লগে এই প্ৰতিযোগিতাৰ বাবে থাকিব সম্পূৰ্ণ এবছৰ সময় ৷