স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰ: ভাৰতত আয়োজন কৰা হ’ব 2020 ফিফা 17 অনুৰ্ধ্ব মহিলা বিশ্বকাপৰ ৷ যাৰ বাবে ফিফাৰ এটা প্ৰতিনিধিত্ব দলে শুকুৰবাৰে পৰিদৰ্শন কৰিলে ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়াম ৷ এই পৰিদৰ্শনৰ পাচতেই ফিফাৰ প্ৰতিনিধিত্ব দলৰ অ’লিবৰ ব’গে কয়, ভূৱেনেশ্বৰত খেলকলৈ উৎসাহ আছে, ইয়াতে পূৰ্বতে হকী বিশ্বকাপ আয়োজন হৈছে, এইবাৰ ফুটবলৰ সময়৷
কলিংগ ষ্টেডিয়াম পৰিদৰ্শন ফিফাৰ প্ৰতিনিধি দলৰ - 2020 ফিফা 17 অনুৰ্ধ্ব মহিলা বিশ্বকাপ
ভূৱেনশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ পৰিদৰ্শন কৰিলে ফিফাৰ প্ৰতিনিধি দলে ৷ পৰিদৰ্শন কৰি অ’লিবৰ ব’গৰ মন্তব্য, ভূৱেনেশ্বৰত খেলকলৈ উৎসাহ আছে, ইয়াতে পূৰ্বতে হকী বিশ্বকাপ আয়োজন হৈছে, এইবাৰ ফুটবলৰ সময় ৷
ইয়াৰ পাচতেই ফিফা বিশ্বকাপৰ আয়োজন সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে দলটোৱে ৷ ফিফাৰ প্ৰতিনিধিত্ব দলটোৱে 26 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ ভাৰতৰ আয়োজন স্থল সমূহ নিৰক্ষণ কৰিব ৷ দলটোৱে কলকাতা, গুৱাহাটী পৰিদৰ্শন কৰাৰ পাচত ভূৱেনেশ্বৰৰ স্থান সমূহ পৰিদৰ্শন কৰিছে ৷ ইয়াৰ পাচত আহমেদাবাদ আৰু নতুন মুম্বাইৰ ষ্টেডিয়াম পৰিদৰ্শন কৰিব ৷ ইয়াৰ পূৰ্বে দলটোৱে 27 নৱেম্বৰত কলকাতা আৰু28 নৱেম্বৰতপৰিদৰ্শন কৰিছিলগুৱাহাটী ৷ 30 নৱেম্বৰত আহমেদাবাদআৰু 1 ডিচেম্বৰত নতুন মুম্বাই পৰিদৰ্শন কৰিব দলটোৱে ৷
লগতে চাওক-ছচিয়েল মিডিয়াৰ এটা ভাল খবৰ