স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ ফলত বৰ্তমান অন্যান্য ক্ৰীড়াৰ লগতে স্তব্ধ হৈ পৰিছে বহু ফুটবল প্ৰতিযোগিতাৰ মেচ । ফলত আগন্তুক দিনত অতি কম সময়ৰ ভিতৰত বাকী থকা মেচসমূহ আয়োজন কৰাৰ এক বৃহৎ সমস্যা আহি পৰিছে ফিফাৰ সন্মুখত । আনহাতে অতি কম সময়ৰ ভিতৰত অধিক মেচ অনুষ্ঠিত কৰাকলৈ খেলুৱৈৰ সকলৰ প্ৰতি উদ্ভৱ হ'ব পৰা আঘাতৰ বিষয়টোও দৃষ্টিগোচৰ কৰি ফিফাই শেহতীয়াকৈ পোষকতা কৰিছে পাঁচগৰাকী বিকল্প খেলুৱৈৰ ব্যৱহাৰৰ নিয়ম ।
সোমবাৰে ফিফাই এই অস্থায়ী পৰিকল্পনাৰ কথা উল্লেখ কৰি কয়, আগন্তুক সময়ত ফুটবল মেচ সমূহ অনুষ্ঠিত কৰাৰ লগে-লগে অধিক কাৰ্যভাৰৰ ফলত খেলুৱৈ সকলৰ ওপৰত আঘাতৰ সমস্যা অত্যাধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । যাৰ বাবে খেলুৱৈক আঘাতৰ পৰা ৰক্ষা কৰিবলৈ পাঁচগৰাকী বিকল্প খেলুৱৈৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ।
ইয়াৰ জৰিয়তে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা দল সমূহে তিনিজনৰ পৰিৱৰ্তে পাঁচজন বিকল্প খেলুৱৈক নিৰ্ধাৰিত সময়ত (৯০ মিনিটত) আৰু ষষ্ঠজনক অতিৰিক্ত সময়ত ব্য়ৱহাৰৰ অনুমতি লাভ কৰিব ।