স্পৰ্টছ ডেস্ক, 27 আগষ্ট: ক্ৰমাৎ স্পষ্ট হৈছে আৰ্জেণ্টিনাৰ প্ৰতিভাৱান তাৰকা ফুটবলাৰ লিয়নেল মেছীৰ বাৰ্চিলোনা ফুটবল ক্লাৱ ত্যাগ কৰাৰ খবৰ ৷ ক্লাৱটোৰ ফালৰ পৰাও খেলুৱৈগৰাকীয়ে ফেক্সযোগে ক্লাৱ ত্যাগ কৰাৰ কথা উল্লেখ কৰা বুলি সদৰি কৰে ৷ কিন্তু বাৰ্চিলোনা ক্লাৱটোৰ ফালৰ পৰা খেলুৱৈগৰাকী ক্লাৱটোৰ সৈতে জড়িত হৈ থকাৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ গতিকে ক্লাৱটোৱে যদি মেছীক অব্যাহতি দিয়াৰ বাবে সহমত পোষণ নকৰে তেন্তে ফিফাৰ নিষেধজ্ঞাৰ সন্মুখীন হ’ব পাৰে খেলুৱৈগৰাকী ৷
মেছীৰ নিষেধাজ্ঞাৰ বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিছে যে, তেওঁৰ ওপৰত নিষেধাজ্ঞা স্থিতি অধিক প্ৰকট হৈ পৰিছে ৷ যাৰ বাবে ক্লাৱটোৰ ফালৰ পৰাও খেলুৱৈগৰাকীক প্ৰত্যক্ষ ভাৱে ট্ৰান্সফাৰ দিয়াৰ সম্ভাৱনা নিচেই ক্ষীণ ৷
স্পৰ্টছৰ এগৰাকী অধিবক্তাই এই বিষয় সন্দৰ্ভত এক মিডিয়া হাউচত দিয়া মন্তব্যত কয় যে, মেছী আৰ্জেণ্টিনাৰ হৈ খেলে আৰু তেওঁ তাৰেই নিৱাসী ৷ সেইবাবে তেওঁৰ বিষয়টো স্পেনিছ নীতি বা ইংলিছ আইনৰ সলনি ফিফাৰ আইনৰ হে অন্তৰ্গত ৷ যদিহে ক্লাৱে তেওঁক ট্ৰান্সফাৰ নিদিয়ে তেন্তে খেলুৱৈ আৰু ক্লাৱ দুয়ো পক্ষই কৰ্ট অফ অৰ্বিট্ৰেশ্বনলৈ অগ্ৰসৰ হ’ব পাৰে ৷ য’ত সচৰাচৰ এনে ধৰণৰ ঘটনাৰ বিচাৰ-বিবেচনা কৰা হয় ৷