অসম

assam

ETV Bharat / sports

17 ডিচেম্বৰত অনুষ্ঠিত হ’ব ফিফা(FIFA)ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান - ফিফা

বিগত বৰ্ষত মিলানত অনুষ্ঠিত ফিফাৰ বঁটা প্ৰদান অনুষ্ঠানত লিঅ’নেল মেছীয়ে অভিলেখ সংখ্যক ছয়টাকৈ ফিফাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ বিপৰীতে মেগান ৰেপিনোই সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে নিজৰ প্ৰথমটো সন্মান লাভ কৰিছিল ৷

FIFA awards ceremony to be virtual event on Dec 17
17 ডিচেম্বৰত অনুষ্ঠিত হ’ব ফিফা(FIFA)ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান

By

Published : Nov 21, 2020, 2:43 PM IST

স্পৰ্টছ ডেস্ক,21 নৱেম্বৰ: 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব ফিফা(FIFA)ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান ৷ ক’ভিড 19 ৰ বাবে এইবেলি ভাৰ্চুৱেলী অনুষ্ঠানটি অনুষ্ঠিত হ’ব বুলি শুকুৰবাৰে ঘোষণা কৰে চকাৰ(soccer)ৰ পৰিচালনা কমিটিয়ে ৷ ফ্ৰান্স ফুটবল আলোচনী বেলন ডি অ’ৰ (Ballon d'Or) প্ৰতিযোগিতা বাতিল কৰাৰ পিছত মহামাৰীৰ এই সময়ছোৱাৰ ঘোষণা হ’বলগীয়া এয়া ফুটবলৰ সৰ্বোচ্চ বাৰ্ষিক সন্মান ৷

ফিফাৰ সৰ্বোচ্চ ফুটবল বঁটাৰ গালা অনুষ্ঠানটো বিগত ছেপ্তেম্বৰ মাহত মিলানত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে বাতিল কৰা হয় এই অনুষ্ঠান ৷ বিগত বৰ্ষত মিলানত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত লিঅ’নেল মেছীয়ে অভিলেখ সংখ্যক ছয়টাকৈ ফিফাৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ বিপৰীতে মেগান ৰেপিনোই সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈ হিচাপে নিজৰ প্ৰথমটো সন্মান লাভ কৰিছিল ৷

উল্লেখ্য যে, ৰাষ্ট্ৰীয় দলসমূহৰ অধিনায়ক, প্ৰশিক্ষক, সংবাদ মাধ্যম আৰু অনুৰাগীৰ বাবে ভোটিঙৰ ব্যৱস্থা বুধবাৰৰ পৰা মুকলি কৰা হ’ব আৰু 9 ডিচেম্বৰলৈকে অব্যাহত থাকিব ৷ ইয়াৰ উপৰিও সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষক, পুৰুষ-মহিলা উভয় শাখাতে সৰ্বশ্ৰেষ্ঠ গ’লকীপাৰৰ লগতে শ্ৰেষ্ঠ গ’ল প্ৰদানকাৰীৰ বাবে থাকিব ‘The Puskas’ বঁটা ৷ আনহাতে, ফিফপ্ৰ’ গ্ৰ’ৱেল ইউনিয়ন ‘FIFPRO global union’ৰ দ্বাৰা খেলুৱৈসকলে পুৰুষ-মহিলা দলৰ লাইনআপৰ বাবে ভোট প্ৰদান কৰে ৷

লগতে পঢ়ক-কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব মহম্মদ ছিৰাজ

ABOUT THE AUTHOR

...view details