স্পৰ্টছ ডেস্ক, 17 মাৰ্চ : মঙলবাৰে নৰৱে' ফুটবল এছ'চিয়েছনে ঘোষণা কৰে যে, কৰ'ণাভাইৰাছৰ বাবে 2021 চন পৰ্যন্ত ইউৰো, 2020 স্থগিত ৰখা হৈছে ৷
টুইটাৰৰ জৰিয়তে এছ'চিয়েছনে মন্তব্য কৰে যে, UEFA য়ে সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি অহা বছৰৰ 11 জুনৰ পৰা ইউৰোছ অনুষ্ঠিত কৰা হ'ব ৷
উল্লেখ্য যে, পূৰ্বে এই বছৰৰ 12 জুলাইৰ পৰা ইউৰো, 2020 আয়োজন কৰাৰ প্ৰস্তুতি চলিছিল ৷
মঙলবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইউৰোপিয়ান ফুটবলৰ নিয়ন্ত্ৰণৰ দায়িত্বত থকা ব'ৰ্ডে সকলো সদস্য দলৰ সৈতে এই বৈঠকৰ আয়োজন কৰিছিল ৷ এই বৈঠকত সকলো সদস্য দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে আৰু ইউৰোছ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
এই সিদ্ধান্তৰ ফলত কৰ'ণাভাইৰাছত আক্ৰান্ত বহু কেইখন দেশে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইউৰোৰ সদস্য দল আৰু দুবাৰৰ চেম্পিয়ন ইটালীয়ে ইয়াৰ জৰিয়তে 1 বছৰৰ ভিতৰত টুৰ্ণামেন্টৰ বাবে প্ৰস্তুতি চলাবলৈ সুযোগ লাভ কৰিব ৷ উল্লেখ্য যে, কৰ'ণাভাইৰাছৰ ফলত সৰ্বাধিক আক্ৰান্ত হোৱা দেশৰ ভিতৰত অন্যতম হৈছে ইটালী ৷ শেহতীয়া 24 ঘন্টাত ইটালীত 350 জনকৈ লোকে কৰ'ণাভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৷
আৰু পঢ়ক :
কৰ'ণাভাইৰাছৰ প্ৰভাৱ নপৰে টি-20 বিশ্বকাপত : আইচিচি