অসম

assam

By

Published : Jul 4, 2021, 2:44 PM IST

ETV Bharat / sports

২০০৪ চনৰ পিছত প্ৰথমবাৰলৈ ইউৰো কাপৰ ছেমিফাইেনলত ডেনমাৰ্ক

ইউৰো কাপৰ কোৱাৰ্টাৰ ফাইনেলত চেক ৰিপাব্লিকক (Czech Republic) ২-১ গ’লত হৰুৱাই ছেমিফাইেনললৈ অৱতীৰ্ণ ডেনমাৰ্ক । ২০০৪ চনৰ পিছত প্ৰথমবাৰলৈ ডেনমাৰ্কৰ প্ৰৱেশ ইউৰো কাপ (Euro cup)ৰ ছেমিফাইেনলত ।

Euro 2020: Denmark get the better of Czech Republic to reach semifinals
২০০৪ চনৰ পিছত প্ৰথমবাৰলৈ Euro cupৰ ছেমিফাইেনলত ডেনমাৰ্ক

স্পৰ্টছ ডেস্ক, ৪ জুলাই :আন এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল ইউৰো কাপৰ (Euro cup) । ২০০৪ চনৰ পিছত প্ৰথমবাৰলৈ ডেনমাৰ্কৰ প্ৰৱেশ ইউৰো কাপৰ (Euro cup) ছেমিফাইেনলত । ইউৰো কাপ (Euro cup)ৰ কোৱাৰ্টাৰ ফাইনেলত চেক ৰিপাব্লিকক (Czech Republic) ২-১ গ’লত হৰুৱাই ছেমিফাইেনললৈ অৱতীৰ্ণ ডেনমাৰ্ক (Denmark) দলটো ।

ডেনমাৰ্কে আৰম্ভণিৰ পাঁচ মিনিটৰ ভিতৰকে এটা কৰ্ণাৰক সুন্দৰ গলত পৰিণত কৰিবলৈ সক্ষম হয় । জেনছ ষ্ট্ৰাইগাৰৰ (Jens Stryger's) কৰ্ণাৰটো থমাছ ডেলানিয়ে পেনাল্টি স্পটৰ ওচৰলৈ গৈ গ’লকিপাৰৰ পোষ্টৰ ভিতৰলৈ মাৰি পঠিয়াবলৈ সক্ষম হয় । ইয়াৰ পিছত চেক ৰিপাব্লিকেও (Czech Republic) যথেষ্ট চেষ্টা কৰে ডেনমাৰ্কৰ বিৰুদ্ধে গ’ল কৰিবলৈ কিন্তু ডেনমাৰ্কে কোনো সুবিধাই নিদিলে দলটোক ।

ইফালে প্ৰথমাৰ্ধৰ অন্তিম কেইমিনিটমানৰ ভিতৰত ডেনমাৰ্ক পুনৰ আক্ৰমণাত্মক হৈ পৰে । এইবাৰ জোয়াকিম মেহেলে বহু দূৰ অতিক্ৰম কৰি বলটো কাস্পাৰ ডলবাৰ্গক দিয়ে আৰু সুন্দৰ পাছটো গলৰ ৰূপ দিবলৈ সক্ষম হয় ডেনমাৰ্কৰ ডলবাৰ্গে ।

ইফালে বহু প্ৰত্যাহ্বানৰ অন্তত ৪৯ মিনিটত চেক ৰিপাব্লিকেও প্ৰথমটো আৰু ইউোৰ কাপ (Euro cup)ৰ অন্তিমটো গ’ল কৰিবলৈ সক্ষম হয় । পেত্ৰিক শ্চিকে (Patrik Schick) এটা গ’ল কৰি প্ৰতিযোগিতাখনৰ পঞ্চমটো গ’ল নিজৰ নামত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । দ্বিতীয়াৰ্ধত ডেনমাৰ্কেও কেইবাটাও সুযোগ পাইছিল গ’ল কৰাৰ কিন্তু চেক গ'লৰক্ষক টমাছ ভাকলিকে(Tomas Vaclik) প্ৰায় দুটাকৈ বল গ’ল হোৱাৰ পৰা ৰক্ষা কৰিছিল । এই খেলখন ডেনমাৰ্কৰ বাবে ইউৰো ২০২০ (Euro 2020)ৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে যথেষ্ট আৱেগিক আৰু অবিশ্বাস্য আছিল ।

এই বিজয়ৰ পিছতে ডেনমাৰ্কৰ ফুটবলাৰ ষ্ট্ৰাইগাৰে কয় যে চেমিফাইনেলত প্ৰৱেশ কৰি তেওঁলোকে ইতিহাস ৰচনা কৰিলে । কিয়নো ডেনমাৰ্কে এই মুহূৰ্তৰ বাবে যথেষ্ট আগ্ৰহেৰে ৰৈ আছিল । ১২ জুনত কোপেনহেগেনত ফিনলেণ্ডৰ বিৰুদ্ধে প্ৰথম গ্ৰুপ মেচৰ প্ৰথমাৰ্ধত হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিক্সন পিটছত বাগৰি পৰাৰ সময়তো ডেনমাৰ্কৰ বাবে যথেষ্ট আঘাতজনক মুহূৰ্ত আছিল ।

ডেনমাৰ্কে পিছত খেলখন পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয় কিন্তু ফিনলেণ্ডৰ হাতত ১-০ গলত পৰাজিত হয় । তাৰ পিছত, তেওঁলোক বেলজিয়ামৰ বিৰুদ্ধে ২-১ গলৰ ব্যৱধানত পৰাজিত হয়, কিন্তু গ্ৰুপৰ অন্তিম মেচখনত ৰাছিয়াক ৪-২ গলত পৰাস্ত কৰি গ্ৰুপ বি-ৰ ৰানাৰ্ছ আপ হিচাপে নকআউট পৰ্যায়ত প্ৰৱেশ কৰে । চেক গণৰাজ্যৰ বিৰুদ্ধে জয়লাভ কৰাৰ পূৰ্বে ডেনমাৰ্কে ১৬ ৰাউণ্ডত ৱেলছক ৪-০ গলত পৰাস্ত কৰে । উল্লেখ্য যে ৭ জুলাইত লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে ছেমিফাইেনলত অৱতীৰ্ণ হ'ব ডেনমাৰ্ক ।

লগতে পঢ়ক :ছুইজাৰলেণ্ডক হৰুৱাই Euro Cup ৰ ছেমি ফাইনেলত স্পেইন

ABOUT THE AUTHOR

...view details