স্পৰ্টছ ডেস্ক, 25 জুনঃ 30 বছৰ পাচত ইংলিছ প্ৰীমিয়াৰ লীগৰ খিতাপ জয়ৰ নিচেই কাষত উপনীত হৈছে লিবৰপুল ফুটবল ক্লাৱ । বুধবাৰে ক্ৰীষ্টেল পেলেচৰ বিৰুদ্ধে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ মেচত 4-0 গ'লত জয় লাভ কৰাৰ পাচতেই খিতাপ জয়ৰ নিচেই কাষ চাপিছে দলটো ।
বৃহস্পতিবাৰে হ'বলগীয়া মেনচেষ্টাৰ চিটী আৰু চেল্সীৰ মেচখনত যদি চেল্সীক পৰাজিত কৰিবলৈ সক্ষম নহয় তেন্তে বিনা প্ৰতিদ্বন্দিতাৰেই প্ৰীমিয়াৰ লীগৰ খিতাপ জয় কৰিবলৈ সক্ষম হ'ব লিবৰপুল দলটোৱে । বৃহস্পতিবাৰে প্ৰীমিয়াৰ লীগৰ দ্বিতীয় স্থানত থকা ডিফেণ্ডিং চেম্পিয়ন মেনচেষ্টাৰ চিটী চেল্সীৰ বিৰুদ্ধে খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব ।
এই সন্দৰ্ভত ক্ল'পে কয়, ''মই আজি আনন্দ উদযাপনৰ তৈয়াৰ বাবে খেলখন নাচাওঁ, মই আগন্তুক সপ্তাহত চিটীৰ সৈতে বিপক্ষে খেলাৰ দৃষ্টিভংগীৰে মেচখন চাম । বৃহস্পতিবাৰে নিশা যিয়ে পৰিণাম নহক তাৰ ওপৰত আমাৰ কোনো প্ৰভাৱ নাই । সেয়েহে আমি সত্যনিষ্ঠ হ'বলৈ অধিক বেছি আগ্ৰহী নহয়''।