স্পৰ্টছ ডেস্ক, 28 এপ্ৰিলঃপৰ্তুগালৰ তাৰকা ফুটবলাৰ ৰ'নাল্ডোৰ নামত খোদিত হ'ল এক নতুন কৃতিত্ব ৷ লিয়নেল মেচীৰ 598 টা গ'লৰ অভিলেখ অতিক্ৰম কৰি ক্লাৱ কেৰিয়াত 600 টা গ'ল সম্পূৰ্ণ কৰা প্ৰথমগৰাকী খেলুৱৈ হ'ল ক্ৰিষ্টিয়ানো ৰ'নাল্ডো ৷
শনিবাৰে ছিৰি এ লীগত ইণ্টাৰ মিলানৰ সৈতে হোৱা মেচত এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় ৰ'নাল্ডো ৷ মেচখন 1-1 গ'লেৰে অমীমাংসিত হৈ ৰয় ৷ 62 মিনিটত ৰ'নাল্ডোই গ'ল কৰি 1-1 ৰ সমতা স্থাপন কৰাৰ বিপৰীতে নিজৰ ফুটবল ক্লাৱ কেৰিয়াৰৰ 600 টা গ'ল সম্পূৰ্ণ কৰে ৷