স্পৰ্টছ ডেস্ক ,২ এপ্ৰিল:আঘাটপ্ৰাপ্ত নেডাৰলেণ্ড ফুটবল দলৰ ডিফেণ্ডাৰ দালে ব্লাইণ্ড । ভৰিত আঘাত পোৱাৰ বাবে বছৰটোৰ পৰৱৰ্তী সময়ৰ খেলবোৰৰ পৰা বঞ্চিত হ'ব বুলি ধাৰণা কৰা হৈছে । বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে জনোৱা মতে তেওঁ ইউৰোপীয় চেম্পিয়নশ্বিপৰ বাবে সুস্থ হৈ উঠিব বুলি আশা কৰিছে । নেডাৰলেণ্ড আৰু জিব্ৰাল্টাৰৰ মাজত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰ দ্বিতীয়াৰ্ধত আঘাতপ্ৰাপ্ত হয় খেলুৱৈগৰাকী । উল্লেখ্য যে খেল খনত নেডাৰলেণ্ডে ৭ গ'লৰ ব্যৱধানত জয়ী হৈছে ।
খেলুৱৈগৰাকীয়ে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এজাক্স ক্লাৱৰ হৈ তেওঁৰ খেল ইয়াতে সমাপ্ত হৈছে, পৰৱৰ্তী সপ্তাহত তেওঁৰ এটা অস্ত্ৰোপচাৰ কৰা হ'ব।ব্লাইণ্ডে জনোৱা মতে তেওঁৰ বাওঁ ভৰিৰ পতাৰ ওচৰত পেশী চিঙি গৈছে ।