অসম

assam

ETV Bharat / sports

মানচেষ্টাৰ ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয় ৷ ৰ’নাল্ডোৰ নামত আছে এটাৰ পাছত আনটো অভিলেখ ৷ ২০০৩ চনৰ পৰা ৬ বছৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলিছিল ৰ’নাল্ডোৱে ।

Cristiano Ronaldo Back to Manchester United
মানচেষ্টা ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

By

Published : Aug 28, 2021, 10:40 AM IST

নিউজ ডেস্ক, 28 আগষ্ট : এটা দশকৰ পাচত পুনৰ মানচেষ্টাৰ ইউনাইটেডৰ সৈতে চুক্তিবদ্ধ হৈছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল তথা কিংবদন্তি খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো(Cristiano Ronaldo) ৷ 2007 চনত দলটো এৰি যোৱাৰ পাছত পুনৰ ব্যক্তিগত চৰ্ত, ভিছা আৰু চিকিৎসাৰ চুক্তি সাপেক্ষে মানচেষ্টাৰ ইউনাইটেডলৈ প্ৰত্যাৱৰ্তন কৰে ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে ৷ মানচেষ্টাৰ ইউনাইটেডৰ হৈ সময় অতিবাহিত কৰাৰ সময়তে 2008 চনত নিজৰ প্ৰথমটো বেলন ডি’অৰ বঁটা লাভ কৰিছিল ৰ’নাল্ডোৱে ৷

পাঁচবাৰকৈ বেলন ডি'অৰ বিজয়ী(Ballon d'Or winner) ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে এতিয়ালৈ তেওঁৰ কেৰিয়াৰত ৩০ টাতকৈও অধিক ট্ৰফী অৰ্জন কৰিছে ৷ ইয়াৰে ভিতৰত আছে পাঁচটা ইউ ই এফ এ চেম্পিয়নছ লীগ(UEFA Champions League)ৰ খিতাপ, চাৰিটা ফিফা ক্লাৱ বিশ্বকাপ(FIFA Club World Cups), ইংলেণ্ড, স্পেইন আৰু ইটালীত সাতটা লীগ আৰু তেওঁৰ জন্মস্থান পৰ্তুগালৰ হৈ ইউৰোপিয়ান চেম্পিয়নশ্বিপ(European Championship)ৰ খিতাপ ।

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ প্ৰত্যাৱৰ্তন

ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে Sporting CP হৈ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ৷ তেওঁ 2003 চনত মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে আৰু 2007 চনলৈ দলটোৰ হৈ 292 খন খেলত অংশগ্ৰহণ কৰি 118 টা গ'ল কৰে । 2009 চনত তেওঁ তেতিয়াৰ বিশ্ব অভিলেখ সংখ্যাক 80 মিলিয়ন পাউণ্ড (১১০ মিলিয়ন ডলাৰ)ৰ বিনিময়ত ৰিয়েল মাদ্ৰিদত যোগদান কৰে । ৰ’নাল্ডোই মাদ্ৰিদৰ হৈ 118 টা গ’ল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাছত তেওঁ 2018 চনত জুভেণ্টাছৰ লগত চাৰিবছৰৰ চুক্তিত স্বাক্ষৰ কৰে ৷

ৰ’নাল্ডো Serie A, প্ৰীমিয়াৰ লীগ আৰু লা-লীগাত 50 টা গ’ল কৰা প্ৰথমগৰাকী খেলুৱৈ ৷ তেওঁ নামত আছে 500 টা গ’ল ৷ ইউৰোপিয়াৰ চেম্পিয়নশ্বিপত (Europian Championship) সৰ্বাধিক 5 টা গ’ল দিয়া খেলুৱৈৰ খিতাপো আছে পৰ্টুগালৰ ফৰৱাৰ্ড খেলুৱৈগৰাকীৰ নামত ৷ মানচেষ্টাৰ ইউনাইটেড এৰি যোৱাৰ প্ৰায় ১২ বছৰ পিছত পুনৰ দলটোলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত লয় ৰোনাল্ডোৱে ।

লগতে পঢ়ক :Tokyo Paralympics: কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পেডলাৰ ভবিনা পেটেল

ABOUT THE AUTHOR

...view details