ভাৰতীয় মহিলা ফুটবল দলটো পুৰুষ দলতকৈ উন্নত মানদণ্ডৰঃ সুনীল চেত্ৰী - ETV BHARAT
একেলেথাৰিয়ে পঞ্চমবাৰলৈ ছাফ্ চেম্পিয়নশ্বিপ জয় ভাৰতীয় মহিলা ফুটবল দলৰ
![ভাৰতীয় মহিলা ফুটবল দলটো পুৰুষ দলতকৈ উন্নত মানদণ্ডৰঃ সুনীল চেত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2793682-923-7a1ff4fc-fbb7-40aa-b4b7-d7f19c0064e3.jpg)
নিউজ ডেস্ক, 25 মাৰ্চঃভাৰতীয় মহিলা দলৰ উন্নত প্ৰদৰ্শন সম্পৰ্কত কোনো দ্বিমত নাই ভাৰতীয় পুৰুষ ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ ৷ বিশ্ব ৰেংকিঙ আৰু মহিলা দলৰ শেহতীয়া প্ৰদৰ্শনেও প্ৰমাণকৰে এই কথা ৷ 211 খন দেশৰ ভিতৰত ভাৰতীয় পুৰুষ দলটো বিশ্ব ৰেংকিঙৰ 103 তম স্থানত থকাৰ পৰিৱৰ্তে মহিলা দলে 152 খন দেশৰ ভিতৰতে 62তম স্থান দখল কৰিছে ৷ আন্তৰাষ্ট্ৰীয় ফুটবল খেলুৱৈসকলৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ গ'ল সংগ্ৰহ কৰা সুনীল চেত্ৰীয়ে একেলেথাৰিয়ে পঞ্চমবাৰলৈ ছাফ্ চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হোৱা মহিলা দলৰ প্ৰশংসাত পঞ্চমুখ হৈ চেত্ৰীৰমন্তব্য কৰে যে, তেওঁ সদায়ে এই কথা স্বীকাৰ কৰি আহিছে যে ভাৰতীয় মহিলা ফুটবল দলটো পুৰুষ দলতকৈ উন্নত মানদণ্ডৰ ৷