স্পৰ্টছ ডেস্ক, 9 জুনঃআমেৰিকাত বৰ্বতাৰে হত্যা কৰা আফ্ৰিকান-আমেৰিকান নিৱাসী জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জ্ঞাপন চেল্সী ফুটবল ক্লাৱ দলৰ খেলুৱৈ আৰু ষ্টাৰ্ফ কৰ্মীৰ । এই কথা সদৰি কৰিছে চেল্সী দলৰ খেলুৱৈ মেচন মাউণ্টে । 'Black Lives Matter' অভিযানক সমৰ্থন কৰি আঁঠুকাঢ়ি "enough is enough" বাৰ্তা প্ৰেৰণ কৰা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।
যোৱা 2 জুনত অনুশীলন শিৱিৰৰ পূৰ্বে আঁঠুকাঢ়ি চেল্সীৰ খেলুৱৈ আৰু ষ্টাফ কৰ্মীয়ে জৰ্জ ফ্লয়ডক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল । তেওঁলোকে মানুহৰ বাবে এইজ (Humans) আখৰৰ গঠন কৰিছিল ।