অসম

assam

ETV Bharat / sports

কলম্বিয়াক পৰাস্ত কৰি ২০২২ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ

লক্ষ্য ২০২২ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন । জয়ৰ আশাৰে খেলপথাৰত নামিল কলম্বিয়া আৰু ব্ৰাজিলৰ ফুটবল খেলুৱৈ । ৭২ মিনিটত লুকাছ পাকেটাই ব্ৰাজিলৰ হৈ একমাত্ৰ গ'লটো দিয়ে । অৱশেষত পৰাজিত হয় কলম্বিয়াৰ ফুটবল দল ।

By

Published : Nov 12, 2021, 2:26 PM IST

Brazil edge Colombia to qualify for 2022 World Cup in Qatar
কলম্বিয়াক পৰাস্ত কৰি ২০২২ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ

স্পৰ্টছ ডেস্ক, ১২ নৱেম্বৰ: ২০২২ বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে কাটাৰত অনুষ্ঠিত হ'ব FIFA বিশ্বকাপ । এতিয়া বিশ্বকাপত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জনৰ যুঁজত নামিছে বিভিন্ন দেশৰ ফুটবল দলবোৰ । ২০২২ৰ FIFA বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা দক্ষিণ আমেৰিকাৰ প্ৰথম দল হিচাপে পৰিগণিত হৈছে ব্ৰাজিল । বৃহস্পতিবাৰে ১-০ গ'লত কলম্বিয়াক পৰাভূত কৰে ব্ৰাজিলে ।

খেলখন আৰম্ভ হোৱাৰ ৭২ মিনিটত লুকাছ পাকেটাই ব্ৰাজিলৰ হৈ একমাত্ৰ গ'লটো দিয়ে । আনহাতে, বৰ্তমান চতুৰ্থ স্থানত থকা চিলিতকৈ ব্ৰাজিল ১৮ পইণ্টত আগবাঢ়ি আছে । দক্ষিণ আমেৰিকাৰ শীৰ্ষ চাৰিটা দলে বিশ্বকাপত পোনপটীয়াকৈ প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰে । তৃতীয় স্থানত থকা ইকুৱেডৰে ভেনিজুৱেলাক ১-০ গ'লত পৰাস্ত কৰে ।

এই পৰাজয়ৰ ফলত ভেনিজুৱেলা অন্তিম স্থানত থাকিবলগীয়া হৈছে । ইফালে, চিলিয়ে পাৰাগুৱেৰ বিৰুদ্ধে ১-০ গ'লত জয় লাভ কৰে । এণ্টনি চিলভায়ে চিলিৰ হৈ একমাত্ৰ গ'লটো দিয়ে । উৰুগুৱেই শুকুৰবাৰে আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলপথাৰত নামিব ।

লগতে পঢ়ক:টি-20 বিশ্বকাপ: পাকিস্তানক পৰাজিত কৰি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ

ABOUT THE AUTHOR

...view details