অসম

assam

ETV Bharat / sports

সপোন হৈ ৰ’ব নেইমাৰ জুনিয়ৰৰ টকিঅ’ অলিম্পিক যাত্ৰা ! - অলিম্পিক গেমছ

বৃহস্পতিবাৰে ঘোষণা হোৱা টকিঅ’ অভিমুখী ব্ৰাজিলৰ ফুটবল দলটোৰ পৰা বাদ পৰি ৰৈছে তাৰকা ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ জুনিয়ৰ (Neymar Jr.) ৷ ৰিঅ' অলিম্পিক (Rio Olympic) ৰ স্বৰ্ণ বিজয়ী ব্ৰাজিল দলৰ গুৰুত্বপূৰ্ণ অংশ মাৰ্কুইনহছও বাদ পৰিল দলৰ পৰা ৷

Brazil drop Neymar from its Olympic Games squad
মাথো সপোন হৈ ৰ’ব নেইমাৰ জুনিয়ৰৰ টকিঅ’ অলিম্পিক যাত্ৰা

By

Published : Jun 18, 2021, 8:40 AM IST

Updated : Jun 18, 2021, 1:10 PM IST

স্পৰ্টছ ডেস্ক, 18 জুন :ব্ৰাজিলৰ তাৰকা ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ জুনিয়ৰ(Neymar Jr.)ক আগন্তুক টকিঅ' অলিম্পিক গেমছ (Tokyo Olympic) ৰ বাবে বৃহস্পতিবাৰে ঘোষণা হোৱা ব্ৰাজিলিয়ান দলটোৰ পৰা বাদ দিয়া হয় । দলটোৰ পৰা বাদ পৰা আন এটা ডাঙৰ নাম হৈছে 2016 চনত ৰিঅ' অলিম্পিক (Rio olympic 2016 )ত স্বৰ্ণ বিজয়ী ব্ৰাজিল দলৰ গুৰুত্বপূৰ্ণ অংশ মাৰ্কুইনহছ (Marquinhos) ৷

ইয়াৰ পৰিৱৰ্তে, প্ৰশিক্ষক আন্দ্ৰে জাৰ্ডাইনে (Andre Jardine) ৩৮ বছৰীয়া ডেনিয়েল আলভেছক বাছনি কৰে, লগতে নিৰ্বাচিত হয় এথলেটিকো পাৰানেঞ্চৰ ৩১ বছৰীয়া গ'লৰক্ষক চেণ্টোছ আৰু চেভিলাৰ ২৮ বছৰীয়া ডিফেণ্ডাৰ ডিয়েগো কাৰ্লোছ । কিন্তু, বিশ্বৰ আটাইতকৈ ব্যয়বহুল ফুটবলাৰ পেৰিছ ছেইণ্ট জাৰ্মেইনৰ ফৰৱাৰ্ড খেলুৱৈ নেইমাৰকহে দলটোত বাছনি কৰা নহ’ল ৷

ব্ৰাজিলৰ তাৰকা ফৰৱাৰ্ড খেলুৱৈ নেইমাৰ জুনিয়ৰ

টকিঅ’ অলিম্পিক (Tokyo Olympic) অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ'ব যদিও, উদ্বোধনী অনুষ্ঠানৰ আগতেই পুৰুষৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ’ব ৷

অলিম্পিক অভিমুখী ব্ৰাজিল দলটোৰ সদস্যসকল হ’ল :

গোলৰক্ষক: চেণ্টোচ (এথলেটিকো পাৰানেঞ্চে), ব্ৰেনো (গ্ৰেমিঅ)

ডিফেণ্ডাৰ: দানি আলভেছ (চাও পাওলো), গেব্ৰিয়েল মেনিনো (পালমেইৰাছ), গুইলাৰ্ম আৰানা (এটলেটিকো মিনেইৰো), গেব্ৰিয়েল মাগালহেছ (আৰ্চেনেল), নিনো (ফ্লুমিনেন্স), ডিয়েগো কাৰ্লোচ (চেভিলা)

মিডফিল্ডাৰ: ডগলাছ লুইজ (এষ্টন ভিলা), ব্ৰুনো গুইমাৰেছ (লিয়ন), গেৰচন (ফ্লেমেঙ্গো), ক্লডিনহো (ৰেড বুল ব্ৰাগাণ্টিনো), মেথিয়াছ হেনৰিক

ফৰৱাৰ্ড:মেথিউছ কুনহা (হাৰথা বাৰ্লিন), মালকম (জেনিট), এণ্টনি (এজাক্স), পাউলিনহো (বেয়াৰ লেভাৰ্কুসেন), পেড্ৰো (ফ্লেমেঙ্গো)

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ফেডাৰেৰ

Last Updated : Jun 18, 2021, 1:10 PM IST

ABOUT THE AUTHOR

...view details