স্পৰ্টছ ডেস্ক, 12 জুনঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলতেই যোৱা মাৰ্চ মাহৰ পৰা স্তব্ধ হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা । যাৰ বাবে ইয়াৰ পোন-পটীয়া প্ৰভাৱ পৰিলক্ষিত হৈছে শেহতীয়াকৈ প্ৰকাশ পোৱা ফিফাৰ ৰেংকিঙত । জুন মাহত প্ৰকাশ পোৱা ৰেংকিঙৰ তালিকাত সাল সলনি হোৱা নাই কোনো দলৰ স্থান ।
ফিফা ৰেংকিঙত ভাৰতৰ স্থান 108 এই তালিকাত 1187 পইণ্টছ লাভেৰে পূৰ্বৰ 108 স্থানতেই অধিষ্ঠিত আছে ভাৰত । এই তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বেলিজিয়াম ফুটবল দলে।আনহাতেদ্বিতীয় স্থানত ফ্ৰান্সঅধিষ্ঠিত থকাৰ বিপৰীতে তৃতীয় স্থানত ব্ৰাজিল, চতুৰ্থ স্থানত উৰুগুৱেআৰুপঞ্চম স্থানতআছেক্ৰ'ৱেছিয়া ।
কৰ'ণা ভাইৰাছৰ পাচতেই ভাৰতীয় পুৰুষ ফুটবল দলটোৱে 2022 ফিফা বিশ্বকাপ কোৱালিফায়িং মেচত আগন্তুক 8 অক্টোবৰত এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে মুখামুখি হ'ব । ভাৰতে কাটাৰৰ বিৰুদ্ধে প্ৰথমখন মেচ 26 মাৰ্চত ভূৱনেশ্বৰত খেলিছিল । আনহাতে ভাৰতৰ অন্যান্য কোৱালিফায়িং মেচসমূহ 12 নৱেম্বৰত বাংলাদেশ আৰু 17 নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব ।
ভাৰতে 2022 ফিফা বিশ্বকাপ কোৱালিফায়িঙৰ E গ্ৰুপত পাঁচখন মেচত তিনি পইণ্ট লাভেৰে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে । পাঁচটা দলৰ পইণ্টছ তালিকাত নিম্ন স্থানত আছে বাংলাদেশ দলটো । ফিফাৰ পৰৱৰ্তী ৰেংকিঙ প্ৰকাশ কৰা হ'ব অহা 16 জুলাইত ।
লগতে পঢ়কঃ তিনিচুকীয়াত পুনৰ 8 গৰাকীকৈ লোক আক্ৰান্ত COVID-19ত