অসম

assam

By

Published : Jun 5, 2020, 1:14 PM IST

ETV Bharat / sports

ক্ৰীড়াজগতৰ এক ডাঙৰ খবৰ ! ছয় মাহৰ কাৰাদণ্ড প্ৰখ্যাত ফুটবলাৰক

কৰ ফাঁকিৰ অপৰাধত দোষী সাব্যস্ত এথলেটিক' মাদ্ৰিডৰ তাৰকা ফুটবলাৰ ডিয়েগ' কষ্টা । প্ৰায় এক মিলিয়ন ইউৰোৰ কৰ ফাঁকিৰ অপৰাধত জৰিমনা সহ ছয় মাহৰ কাৰাদণ্ড খেলুৱৈগৰাকীক ।

Atletico Madrid striker Diego Costa fined, handed six-month prison sentence for tax fraud
Atletico Madrid striker Diego Costa fined, handed six-month prison sentence for tax fraud

স্পৰ্টছ ডেস্ক, 5 জুনঃ কৰ ফাঁকি আৰু ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ এজন প্ৰখ্যাত ফুটবলাৰক । ক্ৰীড়াজগতৰ পৰা আহিছে এক ডাঙৰ খবৰ । কৰ ফাঁকিৰ অপৰাধত জৰিমনা সহ ছয় মাহৰ কাৰাদণ্ড বিহা হ'ল এথলেটিক' মাদ্ৰিডৰ তাৰকা ফুটবলাৰ ডিয়েগ' কষ্টাক। প্ৰায় এক মিলিয়ন ইউৰোৰ কৰ ফাঁকি কথা স্বীকাৰ খেলুৱৈগৰাকীৰ । এই অপৰাধত খেলুৱৈগৰাকীক 543,208 ইউৰো জৰিমনা বিহাৰ লগতে ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান ন্যায়ালয়ৰ ।

অৱশ্যে খেলুৱৈ তথা তেওঁৰ অনুৰাগীৰ বাবে আছে এটা সুঃখবৰ যে, স্পেনিছ আইনৰ অধীনত কাৰাৱাসৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিব খেলুৱৈগৰাকী । কাৰণ স্পেনিছ আইনৰ অধীনত প্ৰথমবাৰৰ বাবে যদি অ-হিংসাত্মক অপৰাধত যদি দুই বছৰৰ তলত শাস্তি বিহা হয় কোনো লোকক তেন্তে আইন অনুসৰি জৰিমনা বিহি কাৰাৱাসৰ পৰা হাত সাৰিব পাৰে লোকজনে ।

বৃহস্পতিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাৰ পাচতেই কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল । এই কৰ ফাঁকি ঘটনা জড়িত আছিল খেলুৱৈগৰাকীয়ে 2014 চনত ছেলছী দললৈ স্থানান্তৰ কৰা সময়ছোৱাত । বৰ্তমানে কৰ ফাঁকি দিয়া খেলুৱৈৰ তালিকাত লিয়নেল মেছী, ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আদিৰ দৰে প্ৰখ্যাত তাৰকাৰ সৈতে নাম সন্নিৱিষ্ট খাইছে ডিয়াগ' কষ্টাৰ ।

ABOUT THE AUTHOR

...view details