স্পৰ্টছ ডেস্ক, 15 মাৰ্চ:দৰ্শকবিহীন ভাৱে অনুষ্ঠিত আইএছএলৰ ষষ্ঠ সংস্কৰণৰ ফাইনেলত চেন্নাইয়ানক পৰাস্ত কৰি চেম্পিয়ন হ’ল এথলেটিক’ ডি কলকাতা ৷ তৃতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল এথলেটিক’ ডি কলকাতা ৷ জেবিয়ৰ হেৰ্নাডিজৰ 2 টা গ’লৰ বিনিময়তে 3-1 ব্যৱধানত খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ এটিকে ইয়াৰ পূৰ্বে 2014 আৰু 2016 চনত আইএছলৰ চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷
আইএছএল 6: চেম্পিয়ন হ’ল এথলেটিক’ ডি কলকাতা - এথলেটিক’ ডি কলকাতা
তৃতীয়বাৰৰ বাবে আইএছএলৰ খিতাপ জয় কৰিলে এথলেটিক’ ডি কলকাতাই ৷ চেন্নাইয়ানক পৰাস্ত কৰি চেম্পিয়ন হ’ল এটিকে ৷
আইএছএল 6: চেন্নাইয়ানক পৰাস্ত কৰি চেম্পিয়ন হ’ল এথলেটিক’ ডি কলকাতা
কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখিয়ে দৰ্শকবিহীন ভাৱে অনুষ্ঠিত কৰা হয় আইএছলৰ ষষ্ঠ সংস্কৰণৰ ফাইনেল মেচখন ৷ মেচখনত জেবিয়ৰ হেৰ্নাডিজে 10 আৰু 93 মিনিটত আৰু ইদু গাৰ্ছিয়াই 48 মিনিটত গ’ল কৰিবলৈ সক্ষম হয় ৷ আনহাতে চেন্নাইয়ানৰ হৈ 69 মিনিটত একমাত্ৰ গ’লটো কৰিবলৈ সক্ষম হয় নেৰীজুছ ৱাল্ছকিছে ৷
লগতে চাওক- কৰ'ণা আতংক : ঘৰুৱা ছিজন স্থগিত ৰখাৰ সিদ্ধান্ত বিচিচিআইৰ