স্পৰ্টছ ডেস্ক,7 এপ্ৰিল: 14 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এএফচি কুৱালিফায়াৰ্চ (AFC Qualifiers) ৰ বাবে প্ৰশিক্ষণৰ উদ্দেশ্যে একগোট হোৱাৰ পাছতে বাংগালুৰু এফচিৰ তিনি গৰাকীকৈ খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ ভাৰতীয় ফুটবল ক্লাব বাংগালুৰু এফচিয়ে বুধবাৰে এই কথা সদৰী কৰি কয় যে, দলটোৰ ষ্টাফ মেম্বাৰ আৰু খেলুৱৈসকলৰ মাজত ক'ভিড-19 ৰ সংক্ৰমণ ধৰা পৰিছে ৷ 5 এপ্ৰিলত আৰম্ভ হোৱা বিএফচি ৰ প্ৰশিক্ষণ কেম্প (BFC's training camp) ত খেলুৱৈ তিনিগৰাকী ক'ভিড-19 ত আক্ৰান্ত বুলি ধৰা পৰে ৷
ফুটবল ক্লাবটোৱে টুইটাৰযোগে খেলুৱৈসকলৰ মাজৰ তিনিগৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰি এইবুলি কয়, "Latest COVID-19 tests within the Blues' camp in Goa have shown three positive cases among players and staff," ৷ নিজকে সুৰক্ষিত ৰখাৰ উদ্দেশ্যে বাংগালুৰু এফচিয়ে সম্ভৱপৰ সকলোখিনি সাৱধানতা অৱলম্বন কৰিছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে ৷