অসম

assam

ETV Bharat / sports

ভাৰতীয় ফুটবল দলত 15 বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ - 2015 চনৰ 12 জুনত ভাৰতীয় দলত অভিষেক ঘটিছিল সুনীল চেত্ৰীৰ

ভাৰতীয় ক্ৰীড়াজগতৰ এগৰাকী প্ৰসিদ্ধ খেলুৱৈ হৈছে ফুটবলাৰ সুনীল চেত্ৰী । 2005 চনৰ 12 জুন অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতীয় ফুটবল দলত অভিষেক ঘটিছিল বৰ্তমানৰ ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ । বৰ্তমানলৈকে ভাৰতৰ হৈ 115 খন মেচত অৱতীৰ্ণ হৈছে খেলুৱৈগৰাকী । সক্ৰিয় পুৰুষ ফুটবলাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অত্যাধিক গ'ল কৰা ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ পাচতেই দ্বিতীয়গৰাকী খেলুৱৈ হৈছে চেত্ৰী ।

15 years of Sunil Chhetri
15 years of Sunil Chhetri

By

Published : Jun 12, 2020, 4:09 PM IST

স্পৰ্টছ ডেস্ক, 12 জুনঃ ভাৰতীয় ফুটবল দল তথা আন্তঃৰাষ্ট্ৰীয় ফুটবল জগতত শুকুৰবাৰে 15 টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰতীয় ফুটবল দলৰ বৰ্তমানৰ অধিনায়ক সুনীল চেত্ৰীয়ে । 2005 চনৰ 12 জুন অৰ্থাৎ আজিৰ দিনটোতেই ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলত অভিষেক ঘটিছিল প্ৰসিদ্ধ খেলুৱৈ সুনীল চেত্ৰীৰ । ভাৰতৰ হৈ বৰ্তমানলৈকে 115 খন মেচত অৱতীৰ্ণ হৈছে চেত্ৰী য'ত তেওঁৰ নামত আছে 72 টাকৈ গ'ল ।

ভাৰতীয় ফুটবল দলত 15 বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ

উল্লেখ্য় যে, সক্ৰিয় পুৰুষ ফুটবলাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় ফুটবলত অত্যাধিক গ'ল কৰা খেলুৱৈ হিচাপে ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৰ পাচতেই দ্বিতীয়গৰাকী খেলুৱৈ হৈছে চেত্ৰী । 34 সংখ্য়ক জন্মদিনত এছিয়ান ফুটবল সংঘ চমুকৈ AFC ফালৰ পৰা "এছিয়ান আইকন" হিচাপে সন্মানিত কৰা হৈছিল খেলুৱৈগৰাকীক ।

শৈশৱ কালত ফুটবলৰ আৰম্ভণী: অতি কম বয়সৰ পৰাই ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল চেত্ৰীয়ে । পেশাদাৰী ফুটবলাৰ হিচাপে 2002 চনত মোহন বাগানৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল সুনীল চেত্ৰীয়ে । পিচত JCT ক প্ৰতিনিধিত্ব কৰিছিল চেত্ৰীয়ে । য'ত 48 খন মেচত 21 টা গ'ল কৰিবলৈ সত্ৰম হৈছিল খেলুৱৈগৰাকীয়ে ।

বিদেশী কেৰিয়াৰ : সুনীল চেত্ৰী হৈছে তৃতীয়গৰাকী উপমহাদেশী খেলুৱৈ যিয়ে বিদেশত কানছাছ চিটি উইজাৰ্ডছ 2010 মেজৰ লীগত ছকাৰত অংশ লৈছিল । অৱশ্যে তাত তেওঁ বেছি নাথাকি পুনৰ আই-লীগলৈ ঘূৰি আহিছিল । তাৰ পাচত চিৰাগ ইউনাইটেড আৰু মোহন বাগানৰ হৈ খেলিছিল । পিচত ইউৰোপলৈ গৈছিল য'ত প্ৰিমীৰা লীগাৰ বাবে স্পৰ্টিং ক্লাৱ ডে পৰ্তুগালে তেওঁক চুক্তিৱদ্ধ কৰিছিল । চেত্ৰীয়ে তাত স্পৰ্টিংৰ সংৰক্ষিত পক্ষৰ হৈ খেলিছিল ।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ : চেত্ৰীৰ সুন্দৰ প্ৰদৰ্শনৰ ফলতেই ভাৰতে 2007,2009,2012 চনত নেহৰু কাপৰ খিতাপ আৰু 2011 চনত ছাফ চেম্পিয়নশ্বিপ জয়ী হ'বলৈ সক্ষম হৈছিল । আনহাতে 2008 এফচি চেলেঞ্জ কাপ ভাৰতে বিজয়ী হোৱাৰ লগতে 27 বছৰ পাচত পোন প্ৰথমবাৰৰ বাবে এএফচি এছিয়ান কাপৰ বাবে যোগ্য়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । চেত্ৰী ভাৰতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ আছিল । 2011 চনৰ এএফচি এছিয়ান কাপত ভাৰতীয় দলৰ নেতৃত্ববহন কৰে চেত্ৰীয়ে । এই টুৰ্ণামেণ্টত দুটা গ'ল কৰিবলৈ সক্ষম হৈছিল চেত্ৰীয়ে ।

অভিলেখ সংখ্য়ক ছয়বাৰৰ বাবে "AIFF প্লেয়াৰ অফ দ্য ইয়াৰ" সন্মানেৰে সন্মানিত হৈছে সুনীল চেত্ৰী । 2007, 2011, 2013, 2014, 2017 আৰু 2018–19 বৰ্ষত বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল ।

ব্যক্তিগত সন্মানঃ

  • AIFF বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ - 2007, 2011, 2013, 2014, 2017, 2018–19
  • FPAI বৰ্ষীয়ান ভাৰতীয় খেলুৱৈৰ সন্মান- 2009, 2018
  • AFC চেলেঞ্জ কাপৰ আটাইতকৈ মহত্বপূৰ্ণ খেলুৱৈ- 2008
  • SAFF চেম্পিয়শ্বিপ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট- 2011
  • হিৰ' অফ দ্য আই-লীগ- 2016–17
  • হিৰ' অফ দ্যা ইণ্ডিয়ান চুপাৰ লীগ-2017–18
  • হিৰ' অফ দ্যা ইন্টাৰকন্টিনেণ্টেল কাপ-2018

পুৰস্কাৰঃ

  • 2011- অৰ্জুন বঁটা
  • 2018- এএফচি এছিয়ান আইকন
  • 2019- পদ্মশ্ৰী
  • 2019- ফুটবল ৰত্ন পুৰস্কাৰ (প্ৰথম প্ৰাপক), দিল্লী ফুটবল এশ্ব'চিয়েছন

ABOUT THE AUTHOR

...view details