স্পৰ্টছ ডেস্ক,১৯ ছেপ্টেম্বৰ :ভাৰতীয় ক্ৰিকেটৰ বাবে আজিৰ দিনটো অতি বিশেষ । কিয়নো আজিৰ দিনটোতে ২০০৭ চনৰ টি-২০ বিশ্বকাপত যুৱৰাজ সিঙে এটা অভাৰত ৬ টা ছিক্সাৰ মাৰিছিল । ভাৰতৰ আটাইতকৈ সফল অলৰাউণ্ডাৰ হিচাপে গণ্য কৰা যুৱৰাজ সিঙৰ এই আক্ৰমণাত্মক ৰূপ আজিও সকলোৰে মনত সজীৱ হৈ ৰৈছে ।
লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে কেৱল ক্ৰিকেট অনুৰাগীসকলৰ হৃদয়ত স্থান দখল কৰাই নহয় তেওঁৰ নামত বহুতো অভিলেখ আছে । ২০১১ৰ বিশ্বকাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যুৱৰাজৰ সেই অভিলেখবোৰৰ ভিতৰত দুটা এতিয়াও অনুৰাগীসকলৰ হৃদয়ত সতেজ হৈ আছে । সেই অভিলেখবোৰৰ সমান নতুন অভিলেখ হৈছে যদিও কোনেও তেওঁৰ সেই অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাই ।
যুৱৰাজ সিঙে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে একেটা ইনিংছতে দুটাকৈ অভিলেখ গঢ়িছিল । তেওঁ ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে এটা অভাৰত ৬ টা ছিক্সাৰ মাৰি প্ৰথমটো অভিলেখ গঢ়িছিল । তাৰ পাছত যুৱৰাজ সিঙে ১২ টা বলত দ্ৰুততম অৰ্ধশতক কৰে । এতিয়ালৈকে দ্ৰুততম অৰ্ধ-শতকৰ তালিকাৰ শীৰ্ষত আছে তেওঁৰ এই অভিলেখ ।
সেই খেলখনত যুৱৰাজ সিঙে ইংলেণ্ডৰ এগৰাকী খেলুৱৈৰ সৈতে তৰ্কত লিপ্ত হৈছিল । তাৰ পাছত যুৱৰাজৰ খং ষ্টুৱাৰ্ট ব্ৰডৰ বলিঙৰ বিৰুদ্ধে দেখা গৈছিল । প্ৰথমে যুৱৰাজে ব্ৰডৰ ২ টা বলত ২ টা ছিক্সাৰ মাৰিছিল । তাৰ পাছত, সমগ্ৰ ইংলেণ্ড দলটোৱে ফাষ্ট বলাৰ ব্ৰডক উৎসাহ দিবলৈ আহে । কিন্তু যুৱৰাজে ৰৈ নাথাকিল । পৰৱৰ্তী ৪ টা বলটো ছিক্সাৰ মাৰি ১২ টা বলত দ্ৰুততম অৰ্ধশতক কৰে আৰু এই গুৰুত্বপূৰ্ণ অভিলেখ সৃষ্টি কৰে ।
ইফালে যুৱৰাজক ২০১১ চনৰ এদিনীয়া বিশ্বকাপত মেন অৱ দ্য চিৰিজৰ বঁটা প্ৰদান কৰা হৈছিল । সেই বিশ্বকাপতো তেওঁ বেটেৰে ৩৬২ ৰাণ সংগ্ৰহ কৰে আৰু ১৫ টা উইকেট দখল কৰে । যুৱৰাজ প্ৰথমগৰাকী খেলুৱৈ আছিল যিয়ে এটা ছিজনত ৩০০ ৰাণৰ সৈতে ১৫ টা উইকেট সংগ্ৰহ কৰিছিল । ২০১১ চনৰ বিশ্বকাপত যুৱৰাজক সৰ্বাধিক বাৰ মেন অৱ দ্য মেচ বঁটা পোৱাও দেখা গৈছিল । বিশ্বকাপৰ পাছতে যুৱৰাজ কৰ্কট ৰোগত আক্ৰান্ত হয় । তাৰ পাছত তেওঁ দললৈ পুনৰ উভতি আহিছিল কিন্তু পূৰ্বৰ দৰে প্ৰদৰ্শন কৰিব নোৱাৰিলে । ২০১৯ চনত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
লগতে পঢ়ক :IND vs AUS ODI Series : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল; অশ্বিনৰ প্ৰত্যাৱৰ্তন