স্পৰ্টছ ডেস্ক, ৩ নৱেম্বৰ :ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ আগ্ৰাসী বেটছমেন যুৱৰাজ সিঙৰ (Yuvraj Singh) অনুৰাগীসকলৰ বাবে সুখবৰ । পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ উভতিব খেলুৱৈগৰাকী । ইতিমধ্যে সামাজিক মাধ্যমত এই কথা জনাইছে খেলুৱৈগৰাকীয়ে । মঙলবাৰে প্ৰাক্তন ভাৰতীয় অলৰাউণ্ডাৰ গৰাকীয়ে এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অনুৰাগীসকলক এই কথা অৱগত কৰে ।
উল্লেখ্য যে, ২০১৯ চনৰ জুন মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা যুৱৰাজে ইণ্ডিয়া লিজেণ্ডছৰ (India Legends team) হৈ এই বছৰৰ পথ সুৰক্ষা বিশ্ব শৃংখলা খেলিছিল । আনকি প্ৰাক্তন অলৰাউণ্ডাৰজনে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলৰ বাবে এটা ভিডিঅ'ৰ সৈতে এক বিশেষ বাৰ্তাও শ্বেয়াৰ কৰিছিল । খেলুৱৈগৰাকীয়ে অনুৰাগীসকলক উদ্দেশ্যি কয় যে ঈশ্বৰে আপোনাৰ ভাগ্য নিৰ্ণয় কৰে ।
ৰাজহুৱা দাবীত সেয়ে তেওঁ ২০২২ চনৰ ফেব্ৰুৱাৰীত পুনৰ খেলপথাৰলৈ উভতি আহিব । আনকি দলৰ কঠিন সময়ত আৰু এজন প্ৰকৃত অনুৰাগীয়ে তেওঁৰ প্ৰতি সমৰ্থন দেখুৱাব বুলিও আশাবাদী খেলুৱৈগৰাকী ।