স্পৰ্টছ ডেস্ক,২১ ডিচেম্বৰ : ভাল আৰু বেয়া অভিজ্ঞতাৰ মাজেৰে ২০২৩ চনটোক বিদায় দিবলৈ সাজু হৈছে বিশ্ববাসী । ভাৰতীয় ক্ৰিকেটৰ বাবেও এই বছৰটো মিশ্ৰিত আছিল। এইটো বৰ্ষতে ভাৰতত পুৰুষৰ বিশ্বকাপ ক্ৰিকেট অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাৰ পূৰ্বে দলটোৰ বিজয়ক লৈ ভাৰতীয় অনুৰাগীসকলৰ মাজত যথেষ্ট প্ৰত্যাশা আছিল । ঘৰুৱা সুবিধা আৰু কাৰকবোৰে সাধাৰণতে দলটোৰ সফলতাত এক ডাঙৰ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল ।
লগতে, ভাৰতীয় দল আৰু উৎসাহী অনুৰাগীসকলে যোৱা ১০ বছৰ ধৰি আইচিচি ট্ৰফীৰ পৰা বঞ্চিত হোৱাৰ অত্যাধিক বেদনাত ভুগি আছিল । কিন্তু সকলো আশা চূৰ্ণ-বিচূৰ্ণ কৰি পুনৰ এবাৰ এদিনীয়া বিশ্বকাপ সংস্কৰণত 'মেন ইন ব্লু'ৱে নিৰাশ কৰিলে অনুৰাগীসকলক । যাৰ বাবে এই চনটো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে আশানুৰূপ নহ'ল ।
এছিয়া কাপৰ আগৰ সময়ছোৱাত দলৰ দুগৰাকী অভিজ্ঞ তথা গুৰুত্বপূৰ্ণ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক পৰ্যায়ক্ৰমে বিশ্ৰাম দিয়া হৈছিল । যাতে তেওঁলোকে শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাখনত বেছিভাগ খেল খেলিব পাৰে । এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োগৰাকীৰ বিশ্ৰামক লৈ যথেষ্ট প্ৰতিক্ৰিয়াও হৈছিল । অৱশ্যে, প্ৰতিযোগিতাখনত তেওঁলোক দুয়োগৰাকী মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈছিল যাৰ ওপৰত ভাৰতীয় বেটিং অৰ্ডাৰে নিৰ্ভৰ কৰিছিল । প্ৰতিযোগিতাখনত ৩ গৰাকী খেলুৱৈ ক্ৰমে পেচাৰ যশপ্ৰীত বুমৰাহ, বেটছমেন শ্ৰেয়স আয়াৰ আৰু উইকেট-কীপাৰ কে এল ৰাহুলে দীৰ্ঘকালীন গুৰুতৰ আঘাতৰ পৰা উভতি অহাৰ বাবে উৎকণ্ঠাও বৃদ্ধি পাইছিল ।
ঘৰুৱা সুবিধা আৰু স্পিনাৰৰ মানদণ্ড বিবেচনা কৰি ভাৰতে ট্ৰফী তুলি ল'ব বুলি যথেষ্ট আশা কৰা হৈছিল । ইফালে অনুৰাগীসকলৰ গভীৰ চাপ নিয়ন্ত্ৰণ কৰাটো এটা কঠিন কাম আছিল । অৱশ্যে সকলো প্ৰত্যাহ্বানক মোকাবিলা কৰাৰ বাবে সাজু আছিল ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো ।
'হিটমেন'ৰ আক্ৰমণাত্মক আৰম্ভণি
এগৰাকী অধিনায়ক হিচাপে ৰোহিত শৰ্মাই তেওঁৰ দলটোক নিজৰ প্ৰদৰ্শনেৰে নেতৃত্ব দিয়াত বিশেষ দায়িত্ব লৈছিল । তেওঁ গোটেই প্ৰতিযোগিতাখনৰ প্ৰথম ১০ অভাৰত (৪০১) সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আছিল । য'ত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৩৫.০২ । তেওঁৰ আক্ৰমণাত্মক দৃষ্টিভংগীয়ে কেৱল দলটোক এক সুন্দৰ আৰম্ভণি দিয়াই নহয়, ই স্কোৰিঙৰ গতিও প্ৰদান কৰিছিল । এনে আক্ৰমণাত্মক দৃষ্টিভংগীয়ে তেওঁক বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হোৱাত সহায় কৰিছিল ।
অৱশ্যে আক্ৰমণাত্মক চৰিত্ৰৰ উপৰিও তেওঁ বেটিঙত অত্যন্ত ধৈৰ্য আৰু গম্ভীৰ চৰিত্ৰও দেখা গৈছিল । ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত যেতিয়া বাকী বেটছমেনসকলে সংগ্ৰাম কৰিছিল তেওঁ ১০১ টা বলত ৮৭ ৰাণৰ ইনিংছ খেলি ধৈৰ্যৰ পৰিচয় দিছিল । তেওঁৰ আক্ৰমণাত্মক আৰম্ভণি আৰু মিডল অৰ্ডাৰৰ আকৰ্ষণীয় প্ৰদৰ্শনে দলটোক শক্তিশালী স্ক'ৰলৈ লৈ যোৱাত সহায় কৰিছিল ।
অভিভাৱকৰ ভূমিকা আৰু মিডল অৰ্ডাৰক সহায়ৰ হাত কোহলীৰ
সীমিত অভাৰৰ খেলবোৰত যেনেদলে বেটিং লাইনআপত আক্ৰমণাত্মক বেটছমেনৰ প্ৰয়োজন, তেনেদৰে এংকৰ বা অভিভাৱকৰ ভূমিকা পালন কৰিব পৰা বেটছমেনৰ অতি প্ৰয়োজন । বিৰাট কোহলীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি দায়িত্ববোৰ নিজৰ কান্ধত লৈছিল । ৰোহিত শৰ্মাই ভাৰতীয় বেটিং অৰ্ডাৰৰ বাবে এক লঞ্চপেডৰ কাম কৰিছিল আৰু কোহলীয়ে ক্ৰীজত থকাৰ সময়ত নিৰন্তৰ ৰাণৰ প্ৰবাহ নিশ্চিত কৰিছিল । তেওঁৰ সুন্দৰ ষ্ট্ৰোক-প্লে, বিশ্বমানৰ কৌশল আৰু স্ক'ৰিঙৰ ধাৰাবাহিকতাই তেওঁক ১১ টা ইনিংছত ৯৫.৬২ৰ গড়ৰ সৈতে প্ৰতিযোগিতাখনৰ শীৰ্ষ ৰাণ সংগ্ৰহকাৰী কৰি তুলিছিল । তেওঁ প্ৰতিযোগিতাখনত মুঠ ৭৬৫ ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে কেৱল প্ৰতিযোগিতাখনৰ কেইবাটাও অভিলেখ ভংগ কৰাই নহয় তেওঁ আন বেটছমেনসকলক চাপ অবিহনে খেলাৰ ক্ষেত্ৰত সহায়কৰ ভূমিকা গ্ৰহণ লৈছিল ।