অসম

assam

ETV Bharat / sports

WTC ফাইনেল: ভাৰত-নিউজিলেণ্ডৰ শক্তি আৰু দুৰ্বলতাৰ চমু আলোকপাট - team India

শুকুৰবাৰৰ বিশ্ব টেষ্ট চেম্পিয়ন শ্বিপ (WTC)ৰ ফাইনেল খেলখন ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ৷ খেলখনৰ পূৰ্বে দুয়ো দলৰ শক্তি আৰু দুৰ্বলতা সম্পৰ্কত ইটিভি ভাৰতৰ এক চমু আলোকপাট...

wtc-final-strengths-weaknesses-of-india-new-zealand
ভাৰত বনাম নিউজিলেণ্ড টেষ্ট শক্তি আৰু দুৰ্বলতাৰ চমু আলোকপাট

By

Published : Jun 18, 2021, 12:54 PM IST

স্পোৰ্টছ ডেস্ক, 18 জুন : ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বিশ্ব টেষ্ট চেম্পিয়ন শ্বিপ (world test championship)ৰ ফাইনেল খেলখন শুকুৰবাৰে হেম্পশায়াৰ বাউলত আৰম্ভ হ'ব। দুয়োটা দলৰ শক্তি আৰু দুৰ্বলতাৰ ওপৰত ইটিভি ভাৰতৰ এক চমু আলোকপাট ৷

ভাৰত

শক্তি:

বলিঙৰ বিভিন্নতা:ভাৰতীয় দলটোৰ বলিং আক্ৰমণত বিভিন্নতা আছে । দলটোৰ পৰা বাছনি কৰিবলৈ এফালে অভিজ্ঞতা সম্পন্ন আৰু আনফালে যুৱ খেলুৱৈৰ অভাৱ নাই ৷ সবাতোকৈ ডাঙৰ কথা এই সকল বলাৰ ইজনতকৈ সিজন বহু পৰিমাণে পৃথক । বলিং আক্ৰমণৰ এনে বিভিন্নতাই নিউজিলেণ্ডৰ বেটছমেনসকলক নিয়ন্ত্ৰণত ৰাখিব পাৰিব ৷

গেম-চেঞ্জাৰৰ উপস্থিতি:ভাৰতীয় দলটোৰ সদস্য ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা এনে দুজন খেলুৱৈ যিয়ে যিকোনো সময়তে একোখন খেলৰ পটকথাই সলনি কৰিব পাৰে । একেদৰে যশপ্ৰীত বুমৰাহ আৰু ৰোহিত শৰ্মাৰ দৰে খেলুৱৈয়ো এই বিদ্যাত পাকৈত । ইতিমধ্য ঋষভ পন্তে অষ্ট্ৰেলিয়াত প্ৰদৰ্শন কৰি থৈছে যে তেওঁ কেনেদৰে এখন টেষ্ট মেচৰ ভাগ্য সলনি কৰিব পাৰে ।

স্পীনৰ অভিজ্ঞতা: ভাৰতৰ স্পীন যুটি আৰ অশ্বিন আৰু জাদেজাই একাধিকবাৰ ইংলেণ্ড ভ্ৰমণ কৰিছে । যদিও অষ্ট্ৰেলিয়াত অশ্বিনৰ অফ স্পীন যথেষ্ট সহায়ক আছিল, জাদেজা বিদেশী টেষ্টত ভাৰতৰ ষ্টেণ্ডআউট স্পীনাৰ আছিল । ইতিমধ্যে তেওঁলোক দুয়োজনেই বেটছমেন হিচাপেও যথেষ্ট উন্নতি কৰি ভাৰতীয় দলটোক গভীৰ প্ৰত্যয় প্ৰদান কৰিছে ।

দুৰ্বলতা:

অপেনিং বেটিং: ভাৰতৰ উদ্বোধনী বেটিং যুটিটো ভালদৰে পৰীক্ষা কৰা হোৱা নাই ৷ যদিও, ৰোহিত শৰ্মা ভাৰতৰ মাটিত উজলি আছিল, ইংলেণ্ডত তেওঁ মাত্ৰ এখন টেষ্ট খেলিছে । শুভম গিলৰ অনভিজ্ঞতাও ভাৰতৰ বাবে দুৰ্বলতা হিচাপে পৰিগণিত হ’ব পাৰে ৷

তীব্ৰ চাপজনক মূহুৰ্তত কোহলীৰ সঠিক সিদ্ধান্ত গ্ৰহণত হোৱা অসুবিধা :যদিও বিৰাট কোহলী (Virat Kohli)য়ে বেটেৰে সন্মুখৰ পৰা নেতৃত্ব দিয়ে আৰু তেওঁ স্বভাৱজাতভাৱে আক্ৰমণাত্মক, তেওঁৰ অধিনায়কত্বত তীব্ৰ চাপৰ মূহুৰ্তত সঠিক সিদ্ধান্তৰ অভাৱ ঘটে ৷ অতীতত, তেওঁক এনে সিদ্ধান্ত লোৱা দেখা গৈছে যাৰ বাবে ভাৰত টেষ্ট মেচ আৰু টেষ্ট শৃংখলা হাতৰ পৰা হেৰুৱাইছে ৷

ৱাৰ্ম-আপ মেচৰ অভাৱ: বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ ফাইনেললৈ আগবাঢ়ি যোৱাৰ সময়ত ইংলেণ্ডত দুখন টেষ্ট মেচ খেলি নিউজিলেণ্ডৰ সকলো খেলুৱৈক সতেজ হৈ থকাৰ বিপৰীতে, ভাৰতে কোনো প্ৰতিযোগিতামূলক মেচৰ অনুশীলন অবিহনেই মাত্ৰ নেট অনুশীলন কৰিয়েই শীৰ্ষ পৰ্যায়ৰ এনে মেচত অংশগ্ৰণ কৰিবলৈ লৈছে ।

নিউজিলেণ্ড

শক্তি:

চুইং বলিং:নিউজিলেণ্ডৰ বলিং লাইন-আপ বিভিন্নতাৰ বাবে জনাজাত । কিন্তু তেওঁলোকৰ নতুন বলৰ বলাৰ, টীম চাউদি আৰু ট্ৰেণ্ট ব'ল্ট, এই মুহূৰ্তত টেষ্ট ক্ৰিকেটৰ আটাইতকৈ কঠিন বলাৰ।

অধিনায়কত্ব: কেন উইলিয়ামছন (Kane Williamson) নিউজিলেণ্ডৰ মাজত এজন অতি দক্ষ শান্ত আৰু শীতল অধিনায়কৰ গুণ আছে। তেওঁ কোনো আক্ৰমণাত্মক চৰিত্ৰ প্ৰদৰ্শন কৰা দেখা নাযায় ৷ তেওঁক তেওঁৰ ভাৰতীয় প্ৰতিদ্বন্দী সকলৰ আক্ৰমণৰ সমুখত প্ৰায় নিস্তেজ দেখা যায় ৷ কিন্তু, উইলিয়ামছনে মনে মনে তেওঁৰ কাম সম্পন্ন কৰিবলৈ ভাল দৰে জানে আৰু প্ৰতিখন টেষ্টৰ বাবে তেওঁ খুব ভালদৰে প্ৰস্তুতি কৰে ।

দুৰ্বলতাসমূহ:

স্পীন: নিউজিলেণ্ড স্পীন বলিঙৰ ক্ষেত্ৰত ভাৰতৰ তুলনাত যথেষ্ট দুৰ্বল । তেওঁলোকৰ স্পীনাৰসকলৰ ভাৰতীয় স্পীনাৰ আৰ অশ্বিন অথবা ৰবীন্দ্ৰ জাদেজাৰ দৰে অভিজ্ঞতা নাই। তেওঁলোকৰ প্ৰথম পচন্দৰ স্পীনাৰ মিচেল চেণ্টনাৰ বৰ্তমান আঘাতপ্ৰাপ্ত আৰু সলনি হোৱা বাওঁহাতৰ স্পীনাৰ আজাজ পেটেল যদিও এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত আকৰ্ষণীয় আছিল, তেওঁ মাত্ৰ নখন টেষ্ট মেচ খেলিছে ।

কেন উইলিয়ামচন আৰু ৰজ টেইলৰ নিৰ্ভৰশীলতা :দলটোৰ বেটিং শিবিৰ অধিনায়ক কেন উইলিয়ামচন আৰু ৰজ টেইলৰৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল । ডেভন কনৱেৰ আগমনৰ লগে লগে, তেওঁলোকে অলপ সহজ উশাহ পাইছে যদিও, ভাৰতৰ দৰে গভীৰ বেটিং লাইনআপ নিউজিলেণ্ডৰ নাই ৷ যদিহে, কিৱি বাহিনীয়ে প্ৰাৰম্ভিক উইকেট হেৰুৱায়, তেওঁলোকক সহজে চাপত পেলাব পাৰি ৷

গেম-চেঞ্জাৰৰ অভাৱ: ভাৰতীয় দলটোত ঋষভ পন্ত, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাদেজা আৰু যশপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈ আছে আছে যিয়ে এটা চেছনত খেলসলনি কৰিব পাৰে । কিন্তু নিউজিলেণ্ড দলত তেওঁলোকৰ এজন বা দুজন পেচ বলাৰৰ বাহিৰে আন কোনো এনে খেলুৱৈ নাই যিয়ে যদি উইকেট ৰখাৰ বাবে ভাৰতক চাপত পেলাব পাৰে । নিউজিলেণ্ডৰ বেটিং লাইনতো এনে কোনো গেম-চেঞ্জাৰ নাই ৷

লগতে পঢ়ক :ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি

ABOUT THE AUTHOR

...view details