স্পৰ্টছ ডেস্ক,১০ জুন :ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেল চলি আছে (WTC Final 2023)। আজি এই খেলখনৰ চতুৰ্থটো দিন । ইতিমধ্যে খেলখনত অষ্ট্ৰেলিয়াই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে এতিয়াও ভাৰতৰ প্ৰত্যাৱৰ্তনৰ যুঁজ অব্যাহত আছে । যদিও ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১৭৩ ৰাণৰ বৃহৎ অগ্ৰগতি লাভ কৰিছে কিন্তু চতুৰ্থ দিনটো ভাৰতে প্ৰথম পৰ্যায়তে অষ্ট্ৰেলিয়াৰ ওপৰত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ।
যদি ২০০ ৰাণৰ ভিতৰত অষ্ট্ৰেলিয়াক অল আউট কৰিব পাৰে তেনেহ'লে টেষ্ট মেচখনত ভাৰতৰ অস্তিত্ব থাকিব । দ্বিতীয় ইনিংছত ৪ টা উইকেট হেৰুওৱাৰ পাছত অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক অলপ চাপত দেখা গৈছে (WTC Final Fourth day)।
উল্লেখ্য যে শুকুৰবাৰে অৰ্থাৎ খেলৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ৪ টা উইকেট হেৰুৱাই ১২৩ ৰাণ সংগ্ৰহ কৰিছে । বৰ্তমান কেমেৰুন গ্ৰীণ ৭ ৰাণত অপৰাজিত আৰু মাৰ্নাছ লাবুচাগেন ৪১ ৰাণত অপৰাজিত হৈ আছে । এতিয়া ভাৰতীয় দলটোৱে শনিবাৰে অৰ্থাৎ চতুৰ্থ দিনা যিমান সম্ভৱ সোনকালে অষ্ট্ৰেলিয়াক অলআউট কৰাৰ বাবে চেষ্টা কৰিব ।
তৃতীয় দিনা খেল সমাপ্ত হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ২৯৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । প্ৰথম ইনিংছত ১৭৩ ৰাণৰ অগ্ৰগতিৰ বাবে অষ্ট্ৰেলিয়াৰ কিছু সুবিধা আছে, কিন্তু ভাৰতৰ বেটছমেনসকলে দ্বিতীয় ইনিংছত সম্পূৰ্ণ শক্তি প্ৰদৰ্শন কৰিব লাগিব আৰু প্ৰথম ইনিংছৰ ভুলৰ পুনৰাবৃত্তি কৰিব নালাগিব । ভাৰতীয় দলটোৱে চতুৰ্থ দিনৰ প্ৰথম অংশৰ ভিতৰত অষ্ট্ৰেলিয়াক ২০০ ৰাণতে আউট কৰিবলৈ চেষ্টা কৰিব, যাতে ভাৰতৰ সন্মুখত ৩৫০-৩৭৫ ৰাণৰ লক্ষ্য থাকে । ভাৰতৰ বাবে অধিক ৰাণৰ পিছত দৌৰাটো সম্ভৱ নহয় ।