স্পৰ্টছ ডেস্ক, ৮ জুন :বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলৰ প্ৰথম দিনটো ভাৰতৰ বাবে সুখকৰ নহ'ল । প্ৰাৰম্ভিক অগ্ৰগতিৰ সুবিধা গ্ৰহণত ব্যৰ্থ হয় ভাৰত । যাৰ বাবে অষ্ট্ৰেলিয়াই প্ৰথমদিনাই এক সবল স্থিতি লাভ কৰে (WTC final 2023) । বুধবাৰে দিনটো ভাৰতীয় বলাৰসকলে তেওঁলোকৰ হাতত থকা সকলো কৌশল ব্যৱহাৰ কৰিলেও ব্যৰ্থ হয় । আনহাতে, বলাৰৰ ব্যৰ্থতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে অষ্ট্ৰেলিয়াই ।
অষ্ট্ৰেলিয়াৰ বেটাৰসকলে অতি বিচক্ষণতাৰে খেলি দিনটোৰ শেষত দলটোক তিনি উইকেটৰ বিনিময়ত ৩২৭ ৰাণত উপনীত কৰায় । নিঃসন্দেহে যিটোৱে ভাৰতক বেকফুটলৈ ঠেলি দিছে (WTC final Australia vs India) । তৃতীয় আৰু চতুৰ্থ ছেছনত অষ্ট্ৰেলিয়াই অধিক আধিপত্য বিস্তাৰ কৰি ভাৰতীয় বলাৰক একপ্ৰকাৰ চোকহীন কৰি পেলায় । প্ৰথম চেছনটোত ভাৰতীয় বলাৰসকলে মেচ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিলেও ক্ৰমান্বয়ে খোপনি হেৰুৱাবলৈ আৰম্ভ কৰে । যাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰে ট্ৰেভিছ হেড আৰু ষ্টিভ স্মিথে (day 1 of WTC final 2023) ।
আনহাতে, যদি সাৱধানে মূল্যাঙ্কন কৰা হয় আৰু সৌৰভ গাংগুলীয়ে আৰম্ভণিতে কৰা পূৰ্বানুমানৰ দৰে, এইটো কোনো আচৰিত কথা নহয় যে অষ্ট্ৰেলিয়াই প্ৰাৰম্ভিক বিসফলতা সত্ত্বেও বৃহৎ স্ক'ৰৰ দিশে আগবাঢ়িছে । এই ক্ষেত্ৰত ভাৰতে যশপ্ৰীত বুমৰাহৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে । আৰু ট্ৰেভিছ হেডৰ বিষয়ে, তেওঁৰ ইনিংছটোৰ বিষয়ে উল্লেখ কৰাৰ প্ৰয়োজন নাই । এয়া হৈছে এক সম্পূৰ্ণভাৱে পূৰ্ণ দক্ষতা ভৰা আৰু সময়োপযোগী ইনিংছ ।
কিন্তু দ্বিতীয়দিনা ভাৰতে কি ৰণনীতি লৈ খেলপথাৰত নামে সেইটো হ'ব লক্ষণীয় । কিয়নো বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াই যিমানেই ৰাণ সংগ্ৰহ কৰে সেয়া হ'ব দলটোৰ বাবে এক অন্য বোনাচ । সেইটো হোৱাটোও সম্ভৱ । কিয়নো হেড আৰু স্মিথে যেনেদৰে বেটিং কৰি আছে, তেওঁলোক দুয়োৱে নিজৰ ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা কৰিব ।