অসম

assam

ETV Bharat / sports

জয়পুৰত নিৰ্মান হ’ব বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম - IPL

আহমেদাবাদত বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোডী ষ্টেডিয়াম নিৰ্মান হোৱাৰ পিছত ৷ ৭৫,০০০ লোকৰ বহন ক্ষমতাj সৈতে পিংক চিটি(pink city) জয়পুৰত নিৰ্মান কাৰ্য আৰম্ভ কৰা হ’ব বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখন ৷

worlds-third-largest-cricket-stadium-to-come-up-in-jaipur
পিংক চিটি জয়পুৰত নিৰ্মান হ’ব বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম

By

Published : Jul 3, 2021, 9:34 PM IST

স্পৰ্টছ ডেস্ক, 3 জুলাই : পিংক চিটি (pink city) জয়পুৰত বিশ্বৰ তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ইতিমধ্যে জয়পুৰ উন্নয়ন কৰ্তৃপক্ষ (Jaipur Development Authority)ই ষ্টেডিয়াম নিৰ্মানৰ বাবে ৰাজস্থান ক্ৰিকেট সংস্থা (Rajasthan cricket asociation)ক ভূমি আৱণ্টন কৰিছে ৷ আৰচিএ আয়ুক্ত গৌৰৱ গোৱেলে(RCA commisoner Gaurav Goel) চোনপ গাঁৱৰ দিল্লী ৰোডত নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামখনৰ বাবে আৰচিএৰ সভাপতি বৈভৱ গেহলটক আৱণ্টিত ভূমিৰ কাগজপত্ৰ প্ৰদান কৰিছে ৷

দুটা পৰ্যায়ত নিৰ্মাণ হ'ব লগীয়া এই নতুন ষ্টেডিয়ামখনত থাকিব ৭৫,০০০ লোকৰ বহন ক্ষমতা । প্ৰথম পৰ্যায়ত, ষ্টেডিয়ামখন 45,000 লোকৰ বহন ক্ষমতাৰে নিৰ্মাণ কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত ইয়াৰ ক্ষমতা 30,000 লোকলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি জানিব দিয়ে বৈভৱ গেহলটে । সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত তেওঁ কয়, " প্ৰায় ১০০ একৰ ভূমিত নিৰ্মাণ হ'বলগীয়া ষ্টেডিয়ামখন ৬৫০ কোটি টকাৰ ব্যয় সাপেক্ষে ২.৫-৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ।

বিচিচিআই (BCCI)য়ে ১০০ কোটি টকাৰ অনুদান দিছে, ইয়াৰোপৰি ১০০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰা হ'ব। আৰচিএ আৰু অন্যান্যসকলে ৯০ কোটি টকা সংগ্ৰহ কৰিব।

প্ৰথম পৰ্যায়ত সৰ্বমুঠ 400 কোটি টকা ব্যয় কৰা হ'ব । আৰচিএে 100 কোটি টকাৰ ঋণ ল'ব, 90 কোটি টকা কৰ্পোৰেট বক্সৰ জৰিয়তে আহৰণ কৰা হ'ব ।"নতুন ষ্টেডিয়ামখনত অনুশীলনৰ বাবে দুখনকৈ খেলপথাৰ (practice ground), একাডেমী(academy), ক্লাব হাউচ হোটেল(club house hotel) আৰু সকলো আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত উপলব্ধ আন সকলো অত্যাধুনিক সা-সুবিধা থাকিব।

আৰচিএয়ে যোধপুৰত ষ্টেডিয়ামৰ মানদণ্ড উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে কিয়নো মুখ্যমন্ত্ৰী অশোক গেহলটে (CM Ashok Gehlat) চহৰখনত আইপিএল (IPL) আয়োজন কৰাৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে,বিশ্বৰ বৃহত্তম ক্ৰিকেট ষ্টেডিয়ামখন হৈছে আহমেদাবাদত অৱস্থিত নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আনহাতে, দ্বিতীয় সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অৱস্থিত মেলবৰ্ণ ষ্টেডিয়াম ।

লগতে পঢ়ক :এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details