অসম

assam

ETV Bharat / sports

ICC ODI rankings: কোহলিক চেৰ পেলাই আই চি চি এদিনীয়া ৰেংকিঙত ষষ্ঠ স্থানলৈ উন্নীত ৰোহিত শৰ্মা - ICC to batsman

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে আই চি চি পুৰুষৰ এদিনীয়া বেটছমেনৰ ৰেংকিঙত বিৰাট কোহলীক চেৰ পেলাইছে । বিৰাট কোহলী এতিয়া নৱম স্থানত থকাৰ বিপৰীতে ৰোহিত শৰ্মা বৰ্তমান ষষ্ঠ স্থানত আছে ।

Rohit Sharma surpasses Virat Kohli
ICC ODI rankings

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:09 PM IST

স্প’ৰ্টছ ডেস্ক, ১৮ অক্টোবৰ: ভাৰতত চলি থকা আইচিচি ক্ৰিকেট বিশ্বকাপত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই আইচিচিৰ এদিনীয়া বেটছমেনৰ ৰেংকিঙত ৫ টা স্থান আগুৱাই আহি ষষ্ঠ স্থান উপনীত হ’বলৈ সক্ষম হৈছে ৷

নতুন দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰানৰ বিস্ফোৰক ইনিংছ খেলা ৰোহিত শৰ্মাই আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে ৬৩ টা বলৰ পৰা ৮৬ ৰানৰআন এক দৰ্শনীয় ইনিংছ খেলে ৷ এই প্ৰদৰ্শনেৰে বিশ্বকাপৰ অন্যতম ইন-ফৰ্ম বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত ।

দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি ককে বিশ্বকাপত ক্ৰমাগতভাৱে দুখন খেলত শতক অৰ্জন কৰাৰ পিচত (শ্ৰীলংকাৰ বিৰুদ্ধে ১০০ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৯) পূৰ্বৰ স্থানৰ পৰা তিনিটা স্থানত অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰিছে ৷ তেওঁৰ সতীৰ্থ ৰাছি ভান ডেৰ ডাচেনকো অতিক্ৰম কৰে ককে । বৰ্তমান চতুৰ্থ স্থানত আছে ভান ৷

কুইণ্টন ডি ককে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২০ ৰানত আউট হোৱাৰ ফলত শীৰ্ষস্থানৰ কাষ চাপি যোৱাৰ সুযোগ হেৰুৱাই পেলায় । আফগানিস্তানৰ অ’পেনাৰ ৰহমানুল্লাহ গুৰবাজ আৰু নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছো হঠাতে বেটিং ৰেংকিঙত উন্নীত হৈছে ৷ দুয়োৱে নিজৰ দলক শেহতীয়াকৈ আশ্চৰ্যজনক বিজয় উপহাৰ দিছে ৷

পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ৰেটিং পইণ্ট ৮৩৬ লৈ বৃদ্ধি কৰি এদিনীয়া বেটিং ৰেংকিঙত নিজৰ অগ্ৰগতি ১৮ পইণ্টলৈ বৃদ্ধি কৰিছে । ভাৰতীয় অ’পেনাৰ শুভমন গিলে ডেংগুৰ পৰা আৰোগ্য হৈ পাকিস্তানৰ বিৰুদ্ধে ১৬ ৰান সংগ্ৰহ কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰে ।

ইফালে, বাংলাদেশৰ বিৰুদ্ধে বিস্ফোৰক প্ৰদৰ্শনৰ পিছত এদিনীয়া বলিং ৰেংকিঙত ১ নং স্থানৰ নিচেই কাষ চাপিবলৈ সক্ষম হৈছে নিউজিলেণ্ডৰ প্ৰবীণ পেচাৰ ট্ৰেণ্ট ব’ল্টে । তৌহিদ হৃদয়ক আউট কৰাৰ পিচতেই এদিনীয়াত ২০০ সংখ্যক উইকেট সম্পূৰ্ণ হোৱা ব’ল্টে বাংলাদেশৰ বিৰুদ্ধে ২ টা উইকেট দখল কৰে ।

শেহতীয়া আপডেটত এটা স্থান উন্নীত হোৱাৰ পিচত ট্ৰেণ্ট ব’ল্ট বৰ্তমানৰ শীৰ্ষ স্থান অধিকাৰী অষ্ট্ৰেলিয়াৰ জোছ হেজলউড (৬৬০ ৰেটিং পইণ্ট) তকৈ মাত্ৰ এক ৰেটিং পইণ্টত পিছ পৰি আছে । আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানে বলিং ৰেংকিঙত দুটা স্থান আগুৱাই চতুৰ্থ স্থান লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজে আফগানিস্তানৰ স্পিনাৰ মুজিব-উৰ-ৰহমানৰ সৈতে সাতটা স্থান আগুৱাই পঞ্চম স্থানত সমতা স্থাপন কৰিছে ।

কুইকসকলৰ ভিতৰত ভাৰতৰ জাছপ্ৰিট বুমৰা (৭টা স্থান উন্নীত) আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাদা (এটা স্থান উন্নীত) ১৪ নম্বৰ স্থানলৈ উন্নীত হৈছে ৷ একেদৰে দক্ষিণ আফ্ৰিকাৰ লুংগি ঙিগিডিয়ে ছটা স্থান আগুৱাই ১৬ নম্বৰ স্থান লাভ কৰিছে । বাংলাদেশৰ অল ৰাউণ্ডাৰ ছাকিব আল হাছানে ৩৪৩ ৰেটিং পইণ্টেৰে এদিনীয়া অল ৰাউণ্ডাৰ ৰেংকিঙত ১ নং স্থান দখল কৰিছে ।

লগতে পঢ়ক:Cricket World Cup 2023: বিশাল ছয় কোবোৱাৰ পাছত আম্পায়াৰে ৰোহিতক সুধিলে ‘বেটত কিবা আছে নেকি ?’

ABOUT THE AUTHOR

...view details