স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ:সোমবাৰে লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ এখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে সিংহল বাহিনীয়ে ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্ৰীলংকাৰ অ’পেনাৰ পাথুম নিছাংকা আৰু কুশল পেৰাৰাই শক্তিশালী আৰম্ভণি কৰে ৷ দুয়ো ১২৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়িছিল যদিও সেয়া যথেষ্ট নাছিল ৷ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ হাতত ৫ উইকেটত পৰাস্ত হয় শ্ৰীলংকান ক্ৰিকেট দল ।
"আমাৰ আশাব্যঞ্জক আৰম্ভণিৰ পিছতো আমি ইয়াক বৰ্তাই ৰাখিব নোৱাৰাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ ৷ যাৰ ফলত আমি ২১০ ৰানৰ স্ক'ৰত সীমাবদ্ধ হৈ পৰিলোঁ । মই বিশ্বাস কৰোঁ, এনে এটা উইকেটত আমি অতিকমেও ৩০০ ৰানৰ লক্ষ্য লোৱা উচিত ৷ এইটো আমাৰ পৰাজয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ কাৰক ।’’ মেচৰ পিছৰ সংবাদমেলত সাংবাদিকৰ আগত নিছাংকাই এইদৰে কয় ।
তেওঁ কয়, ‘‘মই বিশ্বাস কৰোঁ যে মই দলটোৰ বাবে মোৰ সৰ্বোচ্চ আগবঢ়াইছো । মই আশাবাদী আগন্তুক মেচসমূহত যথেষ্ট সংখ্যক ৰান সংগ্ৰহ কৰি আৰু যথেষ্ট সুন্দৰ ইনিংছ খেলি মই উল্লেখযোগ্য অৰিহণা যোগাব পাৰিম ।’’