স্প’ৰ্টছ ডেস্ক, 17 অক্টোবৰ:পাকিস্তান ক্ৰিকেট দলটো বিশ্বকাপত নিজৰ অভিযান কৰাৰ সময়তে বিপৰ্যয়ৰ সন্মুখীন হৈছিল ৷ কাৰণ ভাৰতত উপস্থিত হোৱাৰ পিছতে বেছিভাগ খেলুৱৈয়ে ভাইৰেল জ্বৰত আক্ৰান্ত হৈছিল । অৱশ্যে তেওঁলোকৰ অধিকাংশই এতিয়া সুস্থ হৈ উঠিছে যদিও কেইজনমান এতিয়াও পৰ্যবেক্ষণৰ অধীনত আছে । আহমেদাবাদত তীব্ৰ প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে 7 উইকেটত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচত পাকিস্তানী দলটো মঙলবাৰে পৰৱৰ্তী খেলৰ বাবে বেংগালুৰুত উপস্থিত হয় ৷ 20 অক্টোবৰ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানে পৰৱৰ্তী খেলখন খেলিব আৰু দলটোৱে সম্পূৰ্ণ শক্তিশালী দল লৈ খেলপথাৰত প্ৰৱেশৰ আশা কৰিছে ।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মিডিয়া মেনেজাৰ আহছান ইফতিখাৰ নাগীয়ে এই কথা নিশ্চিত কৰিছে । মঙলবাৰে সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে কোৱা হৈছে যে, "যোৱা কেইদিনমানত কেইজনমান খেলুৱৈ জ্বৰত আক্ৰান্ত হৈছিল আৰু বেছিভাগেই বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে । যিসকল খেলুৱৈ সুস্থ হোৱাৰ পৰ্যায়ত আছে তেওঁলোক দলৰ চিকিৎসা পেনেলৰ পৰ্যবেক্ষণত আছে ।"