স্পৰ্টছ ডেস্ক, ৭ নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ মেচ অন্তিম পৰ্যায়ত উপনীত হৈছে । ইতিমধ্যে লীগ পৰ্যায়তে আগতীয়াকৈ বিশ্বকাপৰ পৰা বাহিৰ হৈছে বৰ্তমানৰ চেম্পিয়ন ইংলেণ্ড । বিশ্বকাপত এই হতাশজনক প্ৰদৰ্শনৰ মাজতে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইংলেণ্ড । এইবাৰৰ বিশ্বকাপত হতাশাজনক খেল প্ৰদৰ্শন কৰা ইংলেণ্ডে অন্তিম মেচত কিছু ভাল প্ৰদৰ্শনৰ লক্ষ্য গ্ৰহণ কৰিব । তাৰ বাবে বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব ইংলেণ্ড । ইংলেণ্ডৰ বাবে এই মেচখন এক সন্মান ৰক্ষাৰ যুঁজ হিচাপেও পৰিগণিত হৈছে ।
মেচখন পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । বৰ্তমানলৈকে পইণ্ট তালিকাৰ একেবাৰে তলত থকা ইংলেণ্ডে মাত্ৰ এখন মেচতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে । সেয়ে প্ৰতিযোগিতাখনত নেদাৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়টো জয় সাব্যস্ত কৰিবলৈ অধিক আগ্ৰহী হ'ব ইংলেণ্ড ।
উল্লেখ্য যে বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড আছিল খিতাপৰ অন্যতম দাবীদাৰ । কিন্তু বাংলাদেশৰ বিৰুদ্ধে মেচখনক বাদ দি এইবাৰৰ বিশ্বকাপত দলটোৱে বিশেষ একো উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হোৱা নাই । মেচখনত ডাৱিদ মালানৰ বেটৰ পৰা এটা শতক আহে ।
আনহাতে, ইংলেণ্ডৰ দলটোৱে সামূহিক প্ৰদৰ্শন কৰাতো ব্যৰ্থ হৈছে । কেইখনমান মেচত যদি দলটোৰ বলাৰসকলে ভাল প্ৰদৰ্শন কৰিছে, কিছু মেচত আকৌ বেটছমেনসকল উজলি উঠিছে । কিন্তু সামূহিকভাৱে দলটোৱে ভাল প্ৰদৰ্শন কৰা নাই । উদাহৰণ স্বৰূপে লক্ষ্ণৌত ভাৰতৰ বিৰুদ্ধে ইংলেণ্ডৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল, কিন্তু তেওঁলোকৰ বেটছমেনসকল শোচনীয়ভাৱে বিফল হৈছিল ।
ইফালে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিগত মেচত এটা সময়ত ভবা হৈছিল যে ইংলেণ্ডে পাঁচবাৰৰ চেম্পিয়ন দলটোক পৰাস্ত কৰিব । কিন্তু অৱশেষত গৈ ফলাফল তাৰ বিপৰীতহে হয় ।
বুধবাৰৰ মেচখনৰ কথা ক'বলৈ হ'লে, ইংলেণ্ডৰ দল মেনেজমেণ্টে অপেনাৰ ডাৱিদ মালান আৰু জনি বেয়াৰষ্ট্ৰোৰ পৰা এক সুন্দৰ আৰম্ভণি বিচাৰিব, যাতে তাৰ ওপৰত ভিত্তি কৰি মিডল অৰ্ডাৰে দলৰ ভেঁটি গঢ়িব পাৰে ।