স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ :22 অক্টোবৰ দেওবাৰে ধৰমশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড ৷ এই মেচখনত বিশ্বকাপ 2023ৰ প্ৰথম ছেমি ফাইনেলিষ্ট প্ৰায় নিৰ্ণয় হ’ব ৷ দুয়োটা দলে ৰেকিঙৰ শীৰ্ষ দুটা স্থানত অৱস্থান কৰিছে ৷ চাৰিখন মেচত জয়লাভ কৰি আঠ পইণ্ট লাভ কৰি নিউজীলেণ্ড শীৰ্ষ স্থানত স্থানত থকাৰ বিপৰীতে ভাৰত দ্বিতীয় স্থানত আছে নেট ৰাণ ৰেটৰ ব্যৱধানত ৷ ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া এই মেচত বিজয়ী দলটোৱে 10 পইণ্ট লাভ কৰাৰ বিপৰীতে তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলটোৱে বৰ্তমান 4 পইণ্ট লাভ কৰিছে ৷ এনে পৰিস্থিতিত ধৰমশালা মেচত জয়ী হোৱা দলটোৱে পইণ্ট টেবুলৰ শীৰ্ষত থকাৰ লগতে ছেমি ফাইনেল প্ৰায় প্ৰায় নিশ্চিত কৰিব ৷ অৱশ্যে খেলৰ পূৰ্বে এদিনীয়া বিশ্বকাপৰ ইতিহাসত এই দুয়োটা দলৰ মাজত হোৱা মেচৰ পৰিসংখ্যা জানিবলৈ সকলো আগ্ৰহী ৷
1975 চনৰ পৰা বিশ্বকাপৰ মেচত ভাৰত আৰু নিউজীলেণ্ড 9 বাৰ মুখামুখি হৈছে ৷ ইয়াৰে ভিতৰত নিউজীলেণ্ডে 5 বাৰ জয়লাভ কৰাৰ বিপৰীতে ভাৰতীয় দলটোৱে তিনিবাৰ জয়লাভ কৰিছে ৷ তদুপৰি এখন মেচ বাতিল কৰা হৈছিল ৷ ধৰমশালাত দুয়োটা দলে বিশ্বকাপৰ অভিলেখ উন্নত কৰিব বিচাৰিলেও মেন ইন ব্লুৱে 2019 চনৰ ছেমি ফাইনেলৰ প্ৰতিশোধ ল’ব বিচাৰিছে ৷ য’ত নিউজীলেণ্ডে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন ভাৰতীয় দলক পৰাস্ত কৰি ফাইনেলৰ টিকট লাভ কৰিছিল ৷
1975 চনত এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী সংস্কৰণৰ পিছৰে পৰা পাঁচটা সংস্কৰণ এনেকুৱা হৈছে য’ত এই দুয়োটা দল মুখামুখি হোৱা নাছিল ৷ 1987 আৰু 2019 ৰ বিশ্বকাপত দুয়োটা দলে দুবাৰকৈ মুখামুখি হৈছিল ৷ 1987 চনত ভাৰতে দুয়োখন মেচতে জয়লাভ কৰাৰ বিপৰীতে 2019 চনত এখন মেচ বাতিল কৰা হয় আৰু আনখন খেলত জয়লাভ কৰে নিউজীলেণ্ডে ৷ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নিউজীলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে যদিও 1987 চনৰ বিশ্বকাপৰ মেচ আৰু 2003 চনৰ বিশ্বকাপৰ মেচ দুয়োখনেই এই নিয়মৰ ব্যতিক্ৰম আছিল ৷ 1975, 1979, 1992, 1999 আৰু 2019 বিশ্বকাপৰ সময়ত খেলা ফিক্সাৰত কিৱি দলে জয়লাভ কৰিছিল ৷