অসম

assam

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 2:46 PM IST

Updated : Oct 9, 2023, 11:05 PM IST

ETV Bharat / sports

Cricket World Cup 2023 : নিউজীলেণ্ডৰ হাতত 99 ৰাণত পৰাস্ত নেদাৰলেণ্ড; কিৱি বাহিনীৰ দ্বিতীয়টো জয়

বিশ্বকাপ 2023 ৰ ষষ্ঠখন মেচত নিউজীলেণ্ডৰ হাতত 99 ৰাণত পৰাস্ত নেডাৰলেণ্ড ৷ 323 ৰাণৰ বিজয় লক্ষ্য আগত লৈ আটাইকেইটা উইকেট হেৰুৱাই 223 ৰাণহে কৰিবলৈ সক্ষম হয় নেদাৰলেণ্ড ৷

নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম বেটিং নিউজীলেণ্ডৰ
Cricket World Cup 2023

স্পৰ্টছ ডেস্ক, ৯ অক্টোবৰ : চলিত বিশ্বকাপৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ষষ্ঠখন মেচত নিউজীলেণ্ডে নেডাৰলেণ্ডক 99 ৰাণত পৰাস্ত কৰিছে ৷ 323 ৰাণৰ বিজয় লক্ষ্য আগত লৈ নিজৰ ইনিংছ আৰম্ভ কৰি নেদাৰলেণ্ডে 46.3 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 223 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ নেদাৰলেণ্ডৰ হৈ কলিন একাৰমেনে সাৰ্বাধিক 69 ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক স্কট এডৱাৰ্ডে 27 টা বলত 30 ৰাণৰ বৰঙমি যোগায় ৷ নিউজীলেণ্ডৰ হৈ মিটশ্বেল চেন্টনাৰে সাৰ্বাধিক 5 টা উইকেট দখল কৰে ৷ আনহাতে মেট হেনৰীয়ে দখল কৰে 3 টা উইকেট ৷

নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডে টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয় । আনহাতে প্ৰথমে বেটিং কৰিবলৈ ক্ৰিজত নমা কিৱি বাহিনীয়ে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ৩২২ ৰাণ সংগ্ৰহ কৰিছে । নিউজীলেণ্ডৰ হৈ উইল য়ঙে সৰ্বাধিক ৭০ (৮০ বল) ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে, ইংলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰা ৰাচিন ৰবীন্দ্ৰই বহু মূল্যৱান ৫১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰি অধিনায়ক টম লাথামে আক্ৰমণাত্মক ইনিংছ খেলি ৪৬ বলত ৫৩ ৰাণ সংগ্ৰহ কৰে । খেলৰ শেষত মিচেল ছেণ্টনাৰে ১৭ বলত ৩৬ আৰু মেট হেনৰীয়ে ৪ বলত ১০ ৰাণ কৰি অপৰাজিত হৈ থাকে ।

আনহাতে, নেদাৰলেণ্ডৰ হৈ নিজৰ নিৰ্ধাৰিত ১০ অভাৰত আৰ্য দত্তই দুটা উইকেট দখল কৰাৰ লগতে পল ভেন মেকেৰেন আৰু ৰোলোফ ভান ডাৰ মাৰ্ৱে ৯ অভাৰত দুটাকৈ উইকেট দখল কৰে ।

উল্লেখ্য যে নিয়মীয়া অধিনায়ক কেন উইলিয়ামছনৰ অনুপস্থিতি সত্ত্বেও নিউজীলেণ্ডে বৃহস্পতিবাৰে ইংলেণ্ডক ৯ উইকেটত পৰাস্ত কৰে । লগতে পুনৰবাৰ এই বিশ্ব প্ৰতিযোগিতাত নিজৰ দখল সাব্যস্ত কৰে । ইংলেণ্ডে ৯ উইকেট হেৰুৱাই ২৮২ ৰাণ সংগ্ৰহ কৰাৰ পিছত নিউজীলেণ্ডে মাত্ৰ ৩৬.২ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় । ডেভন কনৱেৰ অপৰাজিত ১৫২ আৰু ৰাচিন ৰবীন্দ্ৰৰ যুঁজাৰু অপৰাজিত ১২৩ ৰাণৰ ইনিংছ দুটা আছিল মেচখনৰ উল্লেখনীয় দিশ ।

ইংলেণ্ডৰ বিৰুদ্ধে দলটোক নেতৃত্ব দিয়া টম লাথামে সোমবাৰেও নেদাৰলেণ্ডৰ বিৰুদ্ধে দলটোক নেতৃত্ব প্ৰদান কৰিছে । নিউজীলেণ্ডৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টেডে কেন উইলিয়ামছনক ডাচ্চ দলটোৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণৰূপে ফিট নহয় বুলি ইংগিত দিয়াৰ পিছত তেওঁৰ অধিনায়কত্ব অব্যাহত থাকে ।

আনহাতে, সোমবাৰৰ মেচৰ পূৰ্বে দেওবাৰে ষ্টেডে কয়, "কেনেও ভালদৰে সুস্থতাৰ দিশে আগবাঢ়ি আছে । মই ভাবোঁ ফিল্ডিং এতিয়াও তেওঁৰ বাবে এক সমস্যা হৈ আছে । যাৰ বাবে তেওঁ আৰু অলপ সুস্থ হ'ব লাগিব আৰু তেওঁৰ শৰীৰৰ ওপৰত অধিক বিশ্বাস লাভ কৰিব লাগিব ।"

ইফালে ডাচ্চ দলটোৱে শুকুৰবাৰে পাকিস্তানৰ হাতত পৰাজয়েৰে তেওঁলোকৰ অভিযান আৰম্ভ কৰিছিল । মেচখনত নেদাৰলেণ্ড ৮১ ৰাণত পৰাস্ত হৈছিল । নেদাৰলেণ্ডে অৱশ্যে মেচখনত তেওঁলোকৰ বলিং প্ৰতিভাৰ সুন্দৰ ব্যৱহাৰ কৰিছিল । কিয়নো প্ৰতিযোগিতাখনৰ আৰম্ভণিতে পাৱাৰপ্লেত তিনিজন পাকিস্তানী বেটছমেনক পেভিলিয়নৰ ৰাস্তা দেখুৱাইছিল । আনহাতে, নেদাৰলেণ্ডৰ অপেনাৰ বিক্ৰমজিৎ সিং (৫২) আৰু বছ ডি লীডে (৬৭) শক্তিশালীভাৱে প্ৰত্যাক্ৰমণ কৰিছিল যদিও অভিজ্ঞ পাকিস্তানৰ হাতত অন্তিম সুযোগ গ্ৰহণৰ পৰা বিতাড়িত হৈছিল ।

ডাচ্চ দলটোৰ বলিং সঠিক যেন লাগিছে যদিও তেওঁলোকৰ বেটিঙত অধিক স্থিৰতাৰ প্ৰয়োজন । বিশেষকৈ মিডল অৰ্ডাৰত । অধিনায়ক স্কট এডৱাৰ্ডছে বিগত চাৰিখন এদিনীয়াত ৩০ ৰাণৰ সীমা স্পৰ্শ কৰিব পৰা নাই । উল্লেখ্য যে দুয়োটা দলে এতিয়ালৈকে এই ফৰ্মেটত চাৰিবাৰ মুখামুখী হৈছে আৰু নিউজীলেণ্ডে আটাইকেইখন মেচৰ বিজয় নিজৰ নামত লিখিছে ।

দল দুটা

নেদাৰলেণ্ড : স্কট এডৱাৰ্ডছ (অধিনায়ক/উইকেটৰক্ষক), কলিন একাৰমেন, ৱেছলি বাৰেচি, বছ ডি লিডে, আৰ্য দত্ত, চাইব্ৰেণ্ড এংগেলব্ৰেচ্ট, ৰিয়ান ক্লেইন, তেজা নিদামানুৰু, মেক্স অ'ডউড, চাকিব জুলফিকাৰ, শ্বাৰিজ আহমেদ, লোগান ভান বীক, ৰোলোফ ভান ডাৰ মাৰ্ৱে, পল ভান মিকেৰন, বিক্ৰমজিৎ সিং ।

নিউজীলেণ্ড : কেন উইলিয়ামচন (অধিনায়ক), টম লাথাম, ট্ৰেণ্ট ব'ল্ট, মাৰ্ক চেপমেন, ডেভন কনৱে (উইকেটৰক্ষক), লকি ফাৰ্গুচন, মেট হেনৰী, ডেৰিল মিচেল, জেমছ নিছাম, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, মিচেল চেণ্টনাৰ, ইছ সোধি, টিম চাউডি, উইল ইয়ং ।

লগতে পঢ়ক :World Cup 2023 : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাণ্ডিয়াৰ অভ্যাসগত খেল, শতকৰ পৰা বঞ্চিত কে এল ৰাহুল

Last Updated : Oct 9, 2023, 11:05 PM IST

ABOUT THE AUTHOR

...view details